ETV Bharat / state

18 খন গাঁও পঞ্চায়তৰ তিনি হাজাৰ খেলুৱৈ-কৰ্মকৰ্তাৰে উখল-মাখল কলিয়াবৰৰ ডাঃ টি. আও ষ্টেডিয়াম

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 3:28 PM IST

সোমবাৰৰ পৰা কলিয়াবৰত অনুষ্ঠিত হৈছে খেল মহাৰণৰ সমষ্টি ভিত্তিক প্ৰতিযোগিতা ৷ 18 খন গাঁও পঞ্চায়তৰ 2,746 গৰাকী খেলুৱৈৰ অংশগ্ৰহণৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ডাঃ টি. আও গ্ৰাম্য ক্ৰীড়াংগনত ৷

Khel Maharan Begins In Kaliabor
কলিয়াবৰত খেল মহাৰণ
কলিয়াবৰত খেল মহাৰণৰ সমষ্টি ভিত্তিক প্ৰতিযোগিতা

কলিয়াবৰ, 27 নৱেম্বৰ : ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণৰ সমষ্টি ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনি সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে কলিয়াবৰত ৷ নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ 2,746 গৰাকী গ্ৰামাঞ্চলৰ খেলুৱৈৰ অংশগ্ৰহণৰে উখল-মাখল পৰিৱেশ নাগশংকৰৰ ডাঃ টি. আও গ্ৰাম্য ক্ৰীড়াংগনত ৷ সমষ্টিটোৰ দুটা উন্নয়ন খণ্ডৰ 18খন গাঁও পঞ্চায়তৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশ লৈছে ৷

মন্ত্ৰী কেশৱ মহন্তই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰাৰ পাছতেই খেলুৱৈসকলৰ অভিবাদন গ্ৰহণ কৰে অতিথিসকলে ৷ কলিয়াবৰৰ প্ৰবীণ খেলুৱৈসকলকো অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, মহকুমাধিপতি লিজা তালুকদাৰ উপস্থিত থাকে ৷ উল্লেখযোগ্য যে অসমৰ চুকে-কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক আৱিষ্কাৰ কৰাৰ উদ্দেশ্যেৰে 1 নৱেম্বৰ পৰা অসমৰ 25 হাজাৰ গাঁৱক সামৰি 'খেল মহাৰণ-2023' অনুষ্ঠিত হৈছে ৷

অসমৰ বিভিন্ন স্থানত হৈ থকা এই মহাৰণ 10 জানুৱাৰী, 2024 ত সমাপ্ত হ'ব ৷ ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখন মুঠ চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ প্ৰথম পৰ্যায়ত গাঁও পঞ্চায়ত, দ্বিতীয় পৰ্যায়ত বিধানসভা সমষ্টি, তৃতীয় পৰ্যায়ত জিলা আৰু শেষত ৰাজ্যিক পৰ্যায়ত খেল মহাৰণৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'ব ৷ কলিয়াবৰ বিধানসভা সমষ্টিত ইতিমধ্যে গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি পৰিছে ৷ কলিয়াবৰ বিধানসভা সমষ্টিৰ দুটা উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ 18 খন গাঁও পঞ্চায়তৰ মাজত 27, 28, 29 আৰু 30 নৱেম্বৰত খেল মহাৰণৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা আৰম্ভ হ'ব ৷

ইতিমধ্যে সোমবাৰৰ পৰা কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ নাগশংকৰস্থিত ডাঃ টি. আও ষ্টেডিয়ামত চাৰিদিনীয়া এই প্ৰতিযোগিতাৰ আৰম্ভ হৈছে ৷ মুঠ 18 খন গাঁও পঞ্চায়তৰ পৰা স্থান লাভ কৰি অহা 2,746 গৰাকী প্ৰতিযোগীয়ে এথলেটিক্‌চ, ফুটবল, ভলীবল, কাবাডী, খো-খো প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ যুঁজত অৱতীৰ্ণ হৈছে ৷ উদ্বোধনী অনুষ্ঠান পিছতেই 30 নৱেম্বৰৰ দুপৰীয়ালৈকে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ৷ 30 নৱেম্বৰত খেল মহাৰণৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ সামৰণি পৰিব ৷ সামৰণি অনুষ্ঠানত বঁটা বিতৰণৰ লগতে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শিত হ'ব ৷

লগতে পঢ়ক : দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত মাজুলীৰ দক্ষিণপাট সত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.