কলিয়াবৰ,20 মাৰ্চঃ কলিয়াবৰত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মন্ত্ৰী কেশৱ মহন্তৰ বিশাল পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ ৷ বিজেপি আৰু অগপৰ কৰ্মীক লগত লৈ মন্ত্ৰী কেশৱ মহন্তই গাঁৱে-গাঁৱে পদযাত্ৰা কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ হাতত মাত্ৰ কেইটামান দিন থকা অৱস্থাত কলিয়াবৰৰ চুকে-কোণে মন্ত্ৰী কেশৱ মহন্তই সমৰ্থকসকলক লগত লৈ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে ।
উল্লেখযোগ্য যে, শনিবাৰে কুঁৱৰীটোলস্থিত অগপৰ মুখ্য কাৰ্যালয়ৰ পৰা বিশাল পদযাত্ৰাৰে সমৰ্থকক লৈ গাঁৱে-গাঁৱে পদযাত্ৰা কৰে কেশৱ মহন্তই । কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কেশৱ মহন্তই ।