ETV Bharat / state

কচুৱা সমবায় সমিতিয়ে বিতৰণ কৰিলে প্লাষ্টিক চাউল - Supply Department

প্লাষ্টিক মগুৰ পাচতে নগাঁৱত পোহৰলৈ আহিছে সমবায় চাউলত প্লাষ্টিক চাউল মিহলি হৈ থকা এক চাঞ্চল্যকৰ তথ্য ৷ এই তথ্য পোহৰলৈ আনিছে কচুৱা সমবায় সমিতিৰ অধীনৰ কচুৱাৰ খেৰণি অঞ্চলবাসীয়ে ৷

plastic rice
কচুৱা সমবায় সমিতিয়ে বিতৰণ কৰিলে প্লাষ্টিক চাউল
author img

By

Published : Jun 16, 2021, 7:48 PM IST

নগাঁও, 16 জুন : চাউলৰ লগত প্লাষ্টিক চাউল মিহলি থকা সন্দেহত নগাঁৱৰ কচুৱা সমবায় সমিতি (kasua cooperative society)ৰ অধীনৰ কচুৱাৰ খেৰণিত চাঞ্চল্যই বিৰাজ কৰিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সূলভ মুল্যৰ বিপনীসমূহৰ জৰিয়তে হিতাধিকাৰী সকলৰ মাজত বিতৰণ কৰা চৰকাৰী চাউলত মিহলি হৈ আছে প্লাষ্টিকেৰে তৈয়াৰ কৰা চাউল ৷

উল্লেখ্য যে, কচুৱা সমবায় সমিতিয়ে (kasua cooperative society) বৃহত্তৰ কচুৱা অঞ্চলত সূলভ মূল্য বিপনীৰ জৰিয়তে প্ৰতিজন হিতাধীকাৰীক 5 কিলোগ্ৰামকৈ চাউল বিতৰণ কৰিছিল ৷ সেই চাউল ৰন্ধাৰ পাচত খোৱাৰ উপযোগী নোহোৱাত ৰাইজৰ মাজত সন্দেহ সৃষ্টি হয় ৷

ইয়াৰ পাচতে স্থানীয় একাংশ লোকে চাউল খিনিৰ ওপৰত এক প্ৰাথমিক অনুসন্ধান চলায় ৷ এই অনুসন্ধানতে সমবায়খনে বিতৰণ কৰা চাউলত প্লাষ্টিক চাউল নিহলি হৈ থকা কথাটো প্ৰমাণিত হয় বুলি সদৰি কৰিছে স্থানীয় লোকে ৷

কচুৱা সমবায় সমিতিয়ে বিতৰণ কৰিলে প্লাষ্টিক চাউল

সমবায়ে বিতৰণ কৰা চাউলত কেনেকৈ প্লাষ্টিক চাউল মিহলি হ'বলৈ পালে তাক লৈ কচুৱা খেৰণি অঞ্চলবাসীৰ ৰাইজৰ মাজত এতিয়া প্ৰশ্ল উত্থাপন হৈছে ৷ তদুপৰি সমবায়ে বিতৰণ কৰা চাউলত প্লাষ্টিক চাউল মিহলি হৈ থকা ঘটনাই এতিয়া সমগ্ৰ নগাঁও জিলাতে এক আতংকৰ সৃষ্টি কৰিছে ৷

ইফালে, ইয়াৰ পূৰ্বে কামপুৰ বৰহোলাৰ বামুনীয়া নামঘৰত অনুস্থিত বছৰেকীয়া নাম-কীৰ্তনৰ প্ৰসাদৰ বাবে ক্ৰয় কৰা মগুমাহ মিহলি হৈ থকা এক ঘটনা সংঘটিত হৈছিল ৷ ইয়াৰ এক চাঞ্চল্যই বিৰাজ কৰিছিল অঞ্চলটোত ৷ মগুমাহখিনি তিয়াই থোৱাৰ পাচত প্ৰসাদৰ বাবে ধুবলৈ লওঁতে স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰিছিল প্লাষ্টিক সদৃশ মগু ।

গতিকে খাদ্য বন্তুত মাৰাত্মক প্লাষ্টিক মিহলি কৰা কাৰ্যক কেন্দ্ৰ কৰি যোগান বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰি এই ক্ষেত্ৰত তদন্ত চলাবলৈ দাবী জনাইছে নগাঁও জিলাৰ সচতেন লোকে ৷ তদুপৰি মূল্যবৃদ্ধি সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰই প্লাষ্টিক মিহলি কৰা কাৰ্য সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: ইটিভি ভাৰতৰ সৈতে ইমলী খ্যাত অভিনেত্ৰী ছুমবুল খানৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.