ETV Bharat / state

কামপুৰত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

author img

By

Published : Jan 30, 2021, 9:33 AM IST

কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত শুকুৰবাৰে কামপুৰত এখন আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ ৮ টাকৈ দলে অংশগ্ৰহণ কৰে ৷

কামপুৰত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগীতা

বঢ়মপুৰ,30 জানুৱাৰী: শুকুৰবাৰে কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁও জিলাৰ কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনৰ সামৰণি পৰে ৷ খেলখন যুগল প্ৰসাদ গোস্বামী আৰু দীন নাথ হাজৰিকা সোঁৱৰণীত অনুষ্ঠিত হৈছিল ৷ খেল খনৰ উদ্ধোধন কৰে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰকাশ আৰু প্ৰকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামীয়ে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা,পৱন হাজৰিকা আৰু কামপুৰ আঞ্চলিক বন বিষয়া বিনোদ বিহাৰী সিং ।

কামপুৰত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা
কামপুৰত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

শুকুৰবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেল খনত বৰচুং গেলেক্সী ক্লাৱ আৰু মৰিগাঁও ভুৰবন্ধা এফ চি ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয় । তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত নিৰ্ধাৰিত সময়লৈকে গ'ল শূন্য হোৱাত ট্ৰাইবেকাৰৰ সহায়ত বৰচুং গেলেক্সী একাদশে চুড়ান্ত বিজয়ী সন্মান লাভ কৰে । বিজয়ী আৰু ৰাণাচাৰ্প দল দুটাক বঁটা প্ৰদান কৰে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড0 সংগীতা বৰঠাকুৰ আৰু ক্ৰীড়া সংগঠক কমল বৰাই । খেলৰ মাজতে এখন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উল্লেখ যে,কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল খেলখনত ভিন্ন প্ৰান্তৰ ৮ টাকৈ দলে অংশগ্ৰহণ কৰে ৷

অন্য এক খবৰৰ বাবে: কোকৰাঝাৰত 13টা গৰু সহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.