ETV Bharat / state

বান সাহায্যৰ পৰা বঞ্চিত কলিয়াবৰৰ বানাক্ৰান্ত!

আনহাতে ৪৯৪৮টা পৰিয়ালক মুঠ ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ 100 টকাৰ মঞ্জুৰী প্ৰদান কৰা হৈছিল যদিও বানত ক্ষতিসাধন হোৱা বহু পৰিয়ালৰ বিপৰীতে বানে ক্ষতি নকৰা লোককহে এই মঞ্জুৰী পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয় । বানত সৰ্বস্ব হেৰুওৱা লোকে দুই-তিনি হাজাৰ টকাৰ বিপৰীতে কোনো ক্ষতি নোহোৱা বহু লোকে সৰ্বোচ্চ পঞ্চানব্বৈ হাজাৰ পৰ্যন্ত টকা লাভ কৰাক লৈ কলিয়াবৰীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । আনকি প্ৰতিবাদী ৰাইজে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰৰ বাসগৃহও ঘেৰাও কৰে ৷

author img

By

Published : Aug 13, 2019, 11:28 PM IST

কলিয়াবৰৰ বানাক্ৰান্ত

কলিয়াবৰ, 13 আগষ্টঃ কলিয়াবৰৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী কলংমূখৰ মথাউৰি চিঙি সৃষ্টি হোৱা প্ৰলয়ংকৰী বানৰ সাহায্যৰ পৰা আজিও বঞ্চিত বানাক্ৰান্ত ৷ ২০১৭ বৰ্ষৰ আগষ্টৰ বিধ্বংসী বানপানীৰ এবছৰ সম্পূৰ্ণ হ'বলৈ মাজত মাথো চাৰিটা দিন থাকোতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গৃহ সমষ্টি কলিয়াবৰৰ এখন সভাত চৰকাৰী সাহায্যৰ নামত বিতৰণ কৰিছিল কেইখনমান ডেম' চেক আৰু বান সাহায্যৰ মঞ্জুৰি পত্ৰ। কিন্তু বানাক্ৰান্তৰ হিতাধিকাৰীৰ তালিকাত ব্যাপক খেলি-মলি আৰু স্বজন-তোষণৰ অভিযোগত সমগ্ৰ কলিয়বৰতে তুমূল প্ৰতিবাদ সৃষ্টি হোৱাত সেই তালিকা বাতিল কৰিব লগীয়া হয়। প্ৰথম অৱস্থাত চৰকাৰে ঘোষণা কৰা সাহায্য প্ৰায় ৮ কোটি টকা আবন্টন দিয়াৰ পাছতো জিলা প্ৰশাসনৰ ভুলৰ বাবে সেই ধন উভতি যায়। পৰৱৰ্তী সময়ত ধনৰ পৰিৱৰ্তে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ হাতেৰে বানাক্ৰান্তই লাভ কৰে ধন লাভৰ মঞ্জুৰী পত্ৰ ৷

কলিয়াবৰৰ বানাক্ৰান্ত

আনহাতে ৪৯৪৮ টা পৰিয়ালক মুঠ ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ 100 টকাৰ মঞ্জুৰীপত্ৰ প্ৰদান কৰা হৈছিল যদিও বানত ক্ষতিসাধন হোৱা বহু পৰিয়ালৰ বিপৰীতে বানে ক্ষতি নকৰা লোককহে এই মঞ্জুৰী পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হয়। বানত সৰ্বস্ব হেৰুওৱা লোকে দুই-তিনি হাজাৰ টকাৰ বিপৰীতে কোনো ক্ষতি নোহোৱা বহু লোকে সৰ্বোচ্চ পঞ্চানব্বৈ হাজাৰ টকা লাভ কৰাক লৈ কলিয়াবৰীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। আনকি প্ৰতিবাদী ৰাইজে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰৰ বাসগৃহও ঘেৰাও কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগে-আগে বান পীড়িতক সাহায্য প্ৰদানৰ কুচ-কাৱাজ চলিছিল যদিও দুই মিত্ৰ দল বিজেপি আৰু অগপ দলৰ মাজত বাঢ়ি অহা দূৰত্ব আৰু চৰকাৰী বিধি-পথালিত পুনৰ বান সাহায্যৰ পৰা বঞ্চিত হয় গঞা । মুঠতে চৰকাৰ বদলিৰ পাছতো বন্যাৰ্ত বঞ্চিত বান সাহায্যৰ পৰা ৷

Intro:জল সম্পদ মন্ত্ৰীৰ সমষ্টি কলিয়বৰৰ বানৰ দুবছৰ,

সাহায‍্যৰ পৰা বঞ্চিত ৪৯৪৮ টা পৰিয়াল,

বিভাগীয় অৱহেলাৰ বাবে ৭০০ মিটাৰ মথাউৰি মেৰামতি সম্পূৰ্ণ নোহোৱাকৈয়ে পৰি আছে,

হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চিঙাৰ কাৰণ তদন্ত ঘোষণাতে সামৰিলে চৰকাৰে

২০১৭ চনৰ ১২ আগষ্টৰ নিশা নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ কলং মুখত থকা হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী চাৰে তিনি কিলোমটাৰ দৈৰ্ঘ‍্যৰ মথাউৰিটো চিঙি সমগ্ৰ কলিয়াবৰত ভয়াবহ বানৰ সৃষ্টি কৰিছিল।Body:কলিয়াবৰত সুদীৰ্ঘ ৪৫ বছৰৰ পাছত প্ৰলয়ংকাৰী বান হৈছিল। হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী কলংমূখৰ মথাউৰি চিঙি সৃষ্টি হোৱা প্ৰলয়ঙ্কৰী বানৰ পিচত আজিলৈকে বানাক্ৰান্তই লাভ নকৰিলে ফুটাকড়িও। ২০১৭ বৰ্ষৰ আগষ্টৰ বিধ্বংসী বানপানীৰ এবছৰ সম্পূৰ্ণ হবলৈ মাজত মাথো চাৰিটা দিনৰ থকাৰ সময়ত, ৩৬১ দিনৰ অন্তত ৮ আগষ্ট তাৰিখে তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই গৃহ সমষ্টি কলিয়াবৰত মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এখন সভাত চৰকাৰী সাহায‍্যৰ নামত বিতৰণ কৰিছিল কেইখনমান ডেম' চেক আৰু বান সাহায‍্যৰ মঞ্জুৰি পত্ৰ। কিন্তু বানাক্ৰান্তৰ হিতাধিকাৰীৰ তালিকাত ব‍্যাপক খেলি-মলি আৰু স্বজন-তোষণৰ অভিযোগত সমগ্ৰ কলিয়বৰতে তুমুল প্ৰতিবাদ সৃষ্টি হোৱাত সেই তালিকা বাতিল কৰিব লগাত পৰে। প্ৰথম অৱস্থাত চৰকাৰে ঘোষণা কৰা সাহাৰ্যৰ প্ৰায় ৮ কোটি টকা আবন্টন দিয়াৰ পাছতো নগাঁও জিলা প্ৰশাসনৰ ভুলৰ বাবেই এবাৰ উভতি গৈছিল বান সাহায‍্যৰ ধন। পৰবৰ্তী সময়ত পুণৰ ধন আহিল বুলি ঘোষণা কৰাৰ পাছত এবছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক-ক্ষণত যোৱা আঠ আগষ্টত কুঁৱৰীটোলৰ মুক্তি যুজাঁৰু ভৱনত ধনৰ পৰিৱৰ্তে বানাক্ৰান্তক ধন লাভ কৰাৰ মঞ্জুৰী পত্ৰহে বিতৰণ কৰিছিল স্থানীয় বিধায়ক তথা তদানীন্তন জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মহকুমা প্ৰশাসনে। ৪৯৪৮ টা পৰিয়ালক মুঠ ৮ কোটি ৮৬ লাখ ৭২ হাজাৰ এশ টকাৰ মঞ্জুৰীপত্ৰ প্ৰদান কৰিছিল। কিন্তু বানত ক্ষতিসাধন হোৱা বহু পৰিয়ালৰ বিপৰীতে বান পানীয়ে ক্ষতি নকৰা লোকেহে এই মঞ্জুৰী পত্ৰ পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। বানত সৰ্বস্ব হেৰুওৱা লোকে দুই-তিনি হাজাৰ টকাৰ বিপৰীতে কোনো ক্ষতি নোহোৱা বহু লোকে সৰ্বোচ্চ পঞ্চানব্বৈ হাজাৰ টকা লাভ কৰাক লৈ কলিয়াবৰীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাও পৰিলক্ষিত হৈছিল। আনকি প্ৰতিবাদী ৰাইজে তদানীন্তন জলসম্পদ মন্ত্ৰী কৈশৱ মহন্তৰ কলিয়াবৰৰ বাসস্থানো ঘেৰাও কৰিছিল বানত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্তই। এচাম ধুৰন্ধৰ চৰকাৰী প্ৰতিনিধি আৰু মুনাফা লোভী ৰাজনৈতিক দলৰ নেতা-পালিনেতা, পঞ্চায়ত প্ৰতিনিধি আৰু গাওঁবুঢ়াৰ ছত্ৰ-ছায়াত প্ৰস্তুত বান পীড়িতৰ তালিকাৰ ব‍্যাপক স্বজন-তোষণৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পিচত নেতা-পালিনেতাৰ কথাত উঠ-বহ কৰি তালিকা প্ৰস্তুত কৰি পাঁচজন চৰকাৰী গাঁওবুঢ়া আজিলৈকে নিলম্বিত হৈ আছে। যোৱা পঞ্চায়ত নিৰ্বাচনৰ আগে-আগে বান পীড়িতক সাহায‍্য প্ৰদানৰ কুচ-কাৱাজ চলিছিল যদিও দুই মিত্ৰ দল ভাজপা আৰু অগপ দলৰ মাজত বাঢ়ি অহা দুৰত্ব বাবে চৰকাৰী বিধি-পথালি আৰু অগপ দল তথা সদ‍্য প্ৰাক্তন জলসম্পদ মন্ত্ৰীয়ে সাহায‍্যৰ কৰ্তৃত্ব লোৱাৰ আশঙ্কাত এই সাহায‍্য মুকলি কৰি নিদিলে বুলি এটা পক্ষই দাবী কৰে। এই সন্দৰ্ভত যোৱা ২৮ মাৰ্চ তাৰিখে কলিয়াবৰত অনুষ্ঠিত হোৱা সপ্তদশ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত 'উ: পূ: ভাৰতৰ ভাজপাৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০১৭ চনৰ আগষ্টৰ প্ৰলয়ঙ্কৰী বানত ক্ষতিগ্ৰস্ত হোৱা কলিয়াবৰীয়া ৰাইজৰ ক্ষতিপূৰণ সন্দৰ্ভত থকা ক্ষোভ-দুখৰ নিৰ্বাচনৰ পিচতে নিৰাময় কৰাৰ বাবে ৰাজ‍্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ উদ‍্যোগ ল'ব বুলি প্ৰতিশ্ৰুতি দিছিল। লগতে সেই দুখ-কষ্ট পাহৰি সময়ৰ আহ্বানৰ প্ৰতি লক্ষ‍্য ৰাখি মণিমাধৱ মহন্তক ভোট দি জয়যুক্ত কৰিবলৈও সভাত উপস্থিত অগপ-ভাজপা দুই দলৰ নেতা-কৰ্মী আৰু সমৰ্থকক আহ্বান জনাই এক গুৰুত্বপূৰ্ণ মন্তব‍্য আগবঢ়াইছিল। জুন মাহত মন্ত্ৰী নিজেই কলিয়াবৰ ভ্ৰমণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ খবৰ ল'ব বুলিও প্ৰকাশ কৰিছিল। কলিয়াবৰবাসীয়েও প্ৰতাপী মন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি বেদবাক‍্য জ্ঞান কৰি কৰ্ণসুখ লভিছিল কিন্তু জুন মাহ দুৰৰে কথা দুবছৰৰ পিচতো বানপীড়িতই ক্ষতিপূৰণৰ নামত এটকাও নাপালে, দেখা নাপালে মন্ত্ৰীগৰাকীৰ মুখ।

এতিয়াও সম্পূৰ্ণ হোৱা হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি :

কলংমুখৰ মথাউৰি ছিঙি কলিয়াবৰত প্ৰলয়ঙ্কৰী বানৰ পিচত মথাউৰিৰ ছিঙা অংশ মেৰামতিৰ বাবে অসম চৰকাৰৰ জল সম্পদ বিভাগে ৭ কোটি টকা মোকলাই দিছিল। পৰৱৰ্তী সময়ত স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰীৰ বিশেষ পৃষ্ঠপোষকতাত চাৰে তিনি কিলোমিটাৰ দৈৰ্ঘ‍্যৰ মথাউৰিটো সুদৃঢ়কৰণৰ বাবে আন ৯ কোটি টকা মুঠ ১৬ কোটি মোকলাই দিয়াৰ পিচত মথাউৰিটোৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি মথাউৰিৰ ভগ্ন অংশ নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ কথা সংবাদ মাধ‍্যমৰ আগত ঘোষণা কৰিছিল যোৱা বৰ্ষৰ ১৮ মে'ৰ দিনা। কিন্তু বিভাগটোৰ অকৰ্মণ‍্যতাৰ লগতে নিজ পচণ্ডৰ ঠিকাদাৰৰ লগত ভিতৰুৱা মিতিৰালিৰ পৰা আৰম্ভ কৰি বিভিন্ন অনিয়মৰ চৰ্দাৰ বিভাগটোৰ এচাম ধূৰন্ধৰ বিষয়াৰ বাবেই হাতুমূৰা মথাউৰি মেৰামতি আৰু নিৰ্মাণৰ কাম আজি পৰ্য‍্যন্ত ঠিকাদাৰে কাম শেষ কৰিব পৰা নাই। স্থানীয় বিধায়ক গৰাকীৰ নিজ সমষ্টিত যোৱা বছৰৰ ১২ আগষ্ট তাৰিখৰ সংহাৰী বানৰ উৎস মথাউৰিটোৰ ভগ্ন অংশ মেৰামতিৰ বাবে বিভাগে আহ্বান কৰা নিবিদাৰ শেষ তাৰিখ আছিল ২৭ জানুৱাৰী হোৱাৰ বিপৰীতে কাম হৈছিল যোৱা ২১ ফেব্ৰুৱাৰী তাৰিখে। কিন্তু হাতীমূৰা পাহাৰৰ দিশৰ চিঙা স্থানৰ আশে-পাশে প্ৰায় সাতশ মিটাৰ মথাউৰিৰ কাম তপন মেধি, এম পি আগৰৱালা আৰু ফ্লেক্সিটাফে সম্পূৰ্ণ কৰিব পৰা নাই একমাত্ৰ বিভাগীয় কেৰামতালিৰ বাবে। অসমৰ্থিত সূত্ৰে জানিব পৰা মতে, জল সম্পদ বিভাগে সেই বিশেষ সাতশ মিটাৰ মথাউৰিৰ দুয়ো পাৰে প্ৰথমে কংক্ৰিটৰ শ্লেব দি শক্তিশালী কৰাৰ আঁচনি লৈছিল। সেইমৰ্মে ঠিকাদাৰসকল প্ৰস্তুত হৈছিল যদিও এই আঁচনি বাতিল কৰি সেউজ জিঅ' ষ্টিকৰ জৰিয়তে দুয়ো পাৰ বন্ধাৰ পৰিকল্পনা কৰি আঁচনি প্ৰস্তুত কৰিছিল বুলি সূত্ৰটোৱে দাবী কৰে। ইতিমধ‍্যে হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী চাৰে তিনি কিলোমিটাৰ মথাউৰিৰ সিংহভাগৰ কাম আন ঠিকাদাৰসকলে সম্পূৰ্ণ কৰিছে যদিও সাতশ মিটাৰ মথাউৰি আজিও অসম্পূৰ্ণ হৈ আছে‌। আনহাতে, যোৱা বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ সময়ত নতুনকৈ মেৰামতি কৰা অংশৰ তলেদি নিজৰি-নিজৰি পানী ওলোৱাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছিল যদিও বিভাগীয় তৎপৰতাত কোনো বিপদ নোহোৱাকৈ ৰক্ষা পৰিছিল কলিয়াবৰবাসী।

আনহাতে, হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চিঙাৰ কাৰণ তদন্ত ঘোষণাতে সামৰিলে চৰকাৰে‌। তদানীন্তন নগাঁও জিলাৰ উপায়ুক্ত চমশ্বেৰ সিঙে ২০১৭ চনৰ ১৩ আগষ্ট তাৰিখে অতিৰিক্ত উপায়ুক্ত দুলাল দেৱনাথক তদন্তৰ দায়িত্ব অৰ্পন কৰি পোন্ধৰ দিনত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহ'ল আজিলৈকে‌।Conclusion:visuals
bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.