চামগুৰি, 10 ডিচেম্বৰ : বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৰ কঢ়ালীগাঁৱত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ । কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া (Anil Saikia BJP President of Kaliabor)ৰ জ্যেষ্ঠ ভাতৃৰ ওপৰত তিনি দুৰ্বৃত্তই চলাই আক্ৰমণ ৷ এই ঘটনাক কেন্দ্ৰ কৰি নিশাই অঞ্চলটোত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ।
অভিযোগ অনুসৰি, দোকানৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত অনিল শইকীয়াৰ প্ৰতিৱেশী যুৱক পংকজ বৰা, ৰাকেশ কুমাৰ বৰা আৰু পিতৃ জিতেন বৰাই চোকা অস্ত্ৰৰে নিজ বাসগৃহৰ সন্মুখতে উপৰ্যুপৰি আক্ৰমণ কৰে অজয় শইকীয়াক (Kaliabor BJP President's Elder Brother Attacked by Miscreants) ৷ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় অজয় শইকীয়া ৷ লগে লগে অজয় শইকীয়াক লৈ যোৱা হয় নগাঁও অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital)লৈ ৷ কিন্তু অধিক ৰক্ত ক্ষৰণ হোৱাৰ বাবে অতি সংকটজনক অৱস্থাত আহত অজয় শইকীয়াক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷ ইফালে ঘটনাৰ বিৱৰণি অনুসৰি, প্ৰতিৱেশী তিনি যুৱকে অজয় শইকীয়াক উদ্ধাৰ কৰিবলৈ যোৱা আন এজন যুৱকো আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় ৰূপহীহাট আৰক্ষীক ৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ লগতে আটক কৰে তিনি মূল অভিযুক্তক ৷ নিশাই অভিযুক্ত তিনিওকে লৈ আৰক্ষীয়ে ঘটনাস্থলী এৰাৰ পিছত পুনৰ অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । বহুসংখ্যক ক্ষুদ্ধ লোক অভিযুক্ত কেইজনৰ বাসগৃহৰ সন্মুখত সমবেত হৈ সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ ।
অৱশ্যে কিছু সময়ৰ পিছতেই ঘটনাস্থলীত পুনৰ আৰক্ষীৰ এটা দল উপস্থিত হোৱাতহে শাম কাটে পৰিস্থিতি ৷ উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি তথা ভুক্তভোগী অজয় শইকীয়াৰ ভাতৃ অনিল শইকীয়া আছিল তেজপুৰত ।
লগতে পঢ়ক : Extortion Case: ডিফুত ধনদাবী কৰি আৰক্ষীৰ জালত মণিপুৰৰ দুজন লোক