কলিয়াবৰ, 14 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে প্ৰকাশ কৰা হয় 2020 বৰ্ষৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা ৷ বৃদ্ধি পালে পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ৷ কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া বিতোপন নেওগে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত 89 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোট দাতাৰ তালিকা প্ৰকাশ কৰে ৷ এই নতুন তালিকা অনুসৰি পূৰ্বৰ 13,8008 গৰাকী ভোটাৰৰ বিপৰীতে 3,609 গৰাকীৰ বৃদ্ধিৰে এই বৰ্ষত ভোটাৰৰ সংখ্যা 14,1440 গৰাকী হয়গৈ ৷ ইয়াৰে পূৰ্বৰ 6,9707 গৰাকী পুৰুষ ভোটাৰৰ সংখ্যা এইবাৰ 1493 গৰাকী বৃদ্ধি হৈ 71200 গৰাকী হয় ৷ আনহাতে লক্ষণীয়ভাৱে যোৱা বৰ্ষৰ 68,299 গৰাকীৰ তুলনাত 1941 গৰাকী মহিলা ভোট দাতাৰ বৃদ্ধিৰে এই বৰ্ষত হয়গৈ 70240 গৰাকী ৷ ইয়াৰোপৰি এই বৰ্ষত 530 গৰাকী ভোট দাতাৰ সংশোধনৰ জৰিয়তে ভোট দাতাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে কৰ্তন কৰা হয় 177 গৰাকীক ৷ পূৰ্বৰ 998 গৰাকী সন্দেহযুক্ত ভোট দাতাৰ 18 গৰাকী ভোট দাতাক ভাৰতীয় বুলি ঘোষণা কৰাৰ পিচত মুঠ সন্দেহযুক্ত ভোট দাতাৰ সংখ্যা 980 গৰাকীলৈ হ্ৰাস পায় ৷
2020 বৰ্ষৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ - কলিয়াবৰৰ মহকুমাধিপতি
কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া বিতোপন নেওগে কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত 89 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ চূড়ান্ত ভোট দাতাৰ তালিকা প্ৰকাশ কৰে ৷ বৃদ্ধি পালে পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ৷