ETV Bharat / state

Junmoni Rabha death case: কিয় জামিন লাভ কৰিলে ট্ৰাক চালক সুমিত কুমাৰে ? - অধিবক্তা গীতিমা বৰা

জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কিদৰে আগবাঢ়িছে ? কিয় দুৰ্ঘটনাত জড়িত ট্ৰাকখনৰ চালকে জামিন পালে (Why truck driver Sumit Kumar got bail)? দুৰ্ঘটনাত পতিত হোৱা দুই বাহনৰ উদ্ধাৰ কাৰ্যত ব‍্যৱহাৰ হোৱা ক্ৰেনৰ গৰাকীয়ে কি ক'লে? পঢ়ক এই প্ৰতিবেদন...

Junmoni Rabha death case
কিয় জামিন লাভ কৰিলে ট্ৰাক চালক সুমিত কুমাৰে?
author img

By

Published : May 28, 2023, 9:26 PM IST

কিয় জামিন লাভ কৰিলে ট্ৰাক চালক সুমিত কুমাৰে?

নগাঁও , 28 মে’: যোৱা 16 মে’ত নগাঁও জিলাৰ জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল মৰিকলং আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ (Junmoni Rabha death case)৷ তাৰ পিচতে ক্ৰমাৎ ঘন ৰহস্যৰ মাজত সোমাই পৰিছিল জোনমণিৰ মৃত্যুৰ ঘটনা ৷

আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতে এই দুৰ্ঘটনা সংঘটিত কৰি আত্মগোপন কৰা UP-78-UT-4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনৰ চালক সুমিত কুমাৰ পালে আত্মসমৰ্পণ কৰাৰ পিচতে যোৱা 18 মে’ত নগাঁও আৰক্ষীৰ গেষ্ট হাউছতে নিশা ৩ বজালৈকে চিআইডিয়ে জেৰা কৰিছিল সুমিত কুমাৰক । ইয়াৰ পিচতে ট্ৰাকখনৰ চালক সুমিত কুমাৰ পালক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল (Sumit Pal sent to jail)।

27 মে’ত ট্রাক চালক সুমিত কুমাৰে জামিন লাভ কৰে। দণ্ডবিধি আইনৰ 279/427/304 ধাৰাত সুমিতৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ । সুমিতে জামিন লাভ কৰাৰ পিচতেই পুনৰ প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ জনতাই ৷ জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কিদৰে আগবাঢ়িছে ? কিয় দুৰ্ঘটনাত জড়িত ট্ৰাকখনৰ চালকে জামিন পালে (Why truck driver Sumit Kumar got bail)? দুৰ্ঘটনাত পতিত হোৱা দুই বাহনৰ উদ্ধাৰ কাৰ্যত ব‍্যৱহাৰ হোৱা ক্ৰেনৰ গৰাকীয়ে কি ক'লে ?

মুঠতে এতিয়াও এক নুবুজা সাঁথৰ হৈয়ে আছে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ দুৰ্ঘটনাকাণ্ড । সেই নিশা দুৰ্ঘটনা পতিত হোৱা গাড়ী দুখন উদ্ধাৰ কৰা ৰিক’ভাৰী ভেনৰ গৰাকীয়ে কয় যে, সাধাৰণতে এনেবোৰ ভয়ংকৰ দুৰ্ঘটনাত বাহনৰ চালক অথবা আৰোহী গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকে। কেতিয়াবা গাড়ীৰ অংশ কাটি উদ্ধাৰ কৰিব লগা হয় চালক অথবা আৰোহীক। জোনমনিৰ ক্ষেত্ৰত এই সকলোবোৰ ব্যতিক্ৰম আছিল। ৰিক’ভাৰী ভেন অৰ্থাৎ ক্ৰেন গৈ দুৰ্ঘটনাস্থলী পোৱাৰ পূৰ্বেই জোনমনিৰ মৃতদেহ বাহনৰ পৰা চিকিৎসালয়লৈ অনা হৈছিল। এই কথা স্পষ্ট কৰিলে ক্ৰেনৰ স্বত্বাধিকাৰ সুভাষ নেৱাৰে।

আনহাতে, ট্ৰাকখনৰ চালক সুমিত কুমাৰে জামিন লাভ কৰাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ অধিবক্তা গীতিমা বৰাই কয় যে, ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২৭৯/৪২৭/৩০৪(এ) ।।279/427/304(A) ধাৰাত ৰুজু হৈছিল কন্টেইনাৰ চালক সুমিত কুমাৰৰ বিৰুদ্ধে গোচৰ । সুমিতৰ বিৰুদ্ধে ৰাছ এণ্ড নেগলিজেঞ্চ, ডেমেজ, কজিং ডেথ বাই নেগলিজেঞ্চ এই কেইটা ধাৰাত গোচৰ ৰুজু হৈছিল জখলাবন্ধা আৰক্ষী নিৱেশত।

লগতে পঢ়ক: Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত প্ৰতিবাদ

জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত জখলাবন্ধা আৰক্ষী থানাত ৮৪/২৩ (84/23) নম্বৰত ৰুজু হোৱা গোচৰত ইতিমধ্যে জামিন লাভ কৰিলে কন্টেইনাৰৰ চালক সুমিত কুমাৰে। জামিনযোগ‍্য ধাৰাত গোচৰ ৰুজু হোৱাৰ বাবেই চালকগৰাকীয়ে জামিন লাভ কৰে বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.