ETV Bharat / state

কলংমুখৰ নিৰ্মিয়মান শ্লুইছ গে'ট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

পূৰ্বৰ জলসস্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ নৱ-নিযুক্ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী কলংমুখৰ মথাউৰিত নিৰ্মিয়মান শ্লুইছ গে'ট পৰিদৰ্শন ৷ চুইছ গে'ট নিৰ্মাণৰ প্ৰকল্পটো আগন্তুক দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগে যত্ন কৰিব বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

author img

By

Published : May 23, 2021, 4:55 PM IST

Updated : May 23, 2021, 7:50 PM IST

irrigation-minister-visit-kalangmukh-embankmaent-swicth-gate
কলংমুখৰ নিৰ্মিয়মান চুইছ গে'ট পৰিদৰ্শন নৱ-নিযুক্ত জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ

কলিয়াবৰ, 22 মে': কলিয়াবৰত পূৰ্বৰ জলসস্পদ মন্ত্ৰী কেশৱ মহন্তক লগত লৈ নৱ-নিযুক্ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই উজ্জীৱিত কলং আঁচনিৰ বুজ ল'য় ৷ দুই মন্ত্ৰীয়ে অপ্ৰাকৃতিকভাবে বন্ধ হৈ পৰা কলং সুঁতিক পুনৰ বোৱাই নিয়াৰ বাবে হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী কলংমুখৰ মথাউৰিত নিৰ্মিয়মান শ্লুইছ গে'ট পৰিদৰ্শন কৰে ৷

সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰীগৰাকীয়ে কয় যে, এফালে কলঙৰ গৰাখহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা চলাবলগীয়া হৈছে আনফালে আকৌ কলংখনক বোৱাই নিবলৈ খান্দিবলগীয়া হৈছে । কলঙৰ নিৰ্মিয়মান শ্লুইছ গে'টৰ স্থান পৰিদৰ্শন কৰি কলঙৰ ভিন্ন চৰিত্ৰৰ বিষয়ে বিশ্লেষণৰ পোষকতা কৰে মন্ত্ৰীগৰাকীয়ে ৷ কল‌ং নগাঁওবাসী সকলোৰে আত্মাত আছে ।

কিন্তু এটা সময়ত কলংখন বন্ধ কৰি দিয়া হৈছিল । কিহৰ কাৰণে এই প্ৰকৃতি বিৰোধী কামটো হয়তো সেই সময়ৰ বিশেষ প্ৰয়োজনত কৰা হৈছিল । কিন্তু কোনো সভ্য জাতিয়ে বোৱতী নৈ এখন বন্ধ নকৰে । সেই বুলি সেই সময়ৰ লোকসকলক দোষাৰোপ কৰা নাই ।

কিন্তু এতিয়া সেই দোষৰ পৰা মুক্ত হ'বৰ বাবে যোৱা চৰকাৰৰ দিনত আৰম্ভ হোৱা 'স্বাক্ষৰ প্ৰকল্প'টো অনতিপলমে সম্পূৰ্ণ কৰি কলংখনক পুণৰ উজ্জীৱিত কৰিবলৈ জলসম্পদ মন্ত্ৰীৰূপে কৃপনালী নকৰে । লগতে ৰহা, জাগীৰোড, মৰিগাঁও সমষ্টিৰ অন্তৰ্গত কলঙৰ গৰাখহনীয়া ৰোধৰ বাবেও কাম কৰিবলগীয়া আছে, সেই কাম খৰালি অতি কম দিনৰ ভিতৰত কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

বৰ্তমান কলঙৰ মুখৰ চুইছ গে'টৰ কাম খৰতকীয়াকৈ কৰাৰ ক্ষেত্ৰত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাত কিছু লেহেম হৈছে । ১৩৫ কোটি টকাৰ এই আঁচনিত আৱণ্টিত ধনৰ পৰিমাণ কিছু বৃদ্ধি পাইছে । এই ক্ষেত্ৰত সমাগত বাজেটত এই ধনৰ আৱণ্টন কৰিব পৰা যাব ।

যিহেতু জলসম্পদ বিভাগে বছৰতটোত কাম কৰিবলৈ মাত্ৰ চাৰি মাহ সময়হে পায়, সেয়ে এই শ্লুইছ গে'ট নিৰ্মাণ প্ৰকল্পটো আগন্তুক দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বিভাগে যত্ন কৰিব বুলি জলসম্পদ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । গৰাখহনীয়া আৰু বান নিয়ন্ত্ৰণৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

যোৱা সময়ছোৱাত পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আগবঢ়াই লৈ যোৱা বিভাগটোৰ বিভিন্ন উন্নয়নমূলক কামক গতিশীল কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে জনায় । উল্লেখ্য যে, এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী । মন্ত্ৰী হাজৰিকাই জলসম্পদ বিভাগৰ বিষয়াৰ পৰা সমগ্ৰ আঁচনিৰ বিষয়ে বুজ লয় ।

লগতে পঢ়ক: তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

Last Updated : May 23, 2021, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.