নগাঁও, 29 মাৰ্চ : মুখ্যমন্ত্ৰীৰ তত্বাৱধানত ৰাজ্যত পুনৰ খেলৰ এক পৰিৱেশে গা কৰি উঠিছে ৷ পিছপৰা অঞ্চলসমূহৰ পৰা সুযোগ পাই প্ৰতিভাসম্পন্ন খেলুৱৈসকল নিজ নিজ সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে ৷ ক্ৰীড়াৰ ক্ষেত্ৰত অসমক বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে ৷ পিছপৰি ৰৈছে যদিও কিন্তু অসমৰ খেলুৱৈ প্ৰতিভাই অসমক ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় মানচিত্ৰত চিনাকি কৰাই দিবলৈয়ো সক্ষম হৈছে ৷
হকীৰ ক্ষেত্ৰত বহু পিছ পৰি ৰোৱা অসমত হকীক লৈ এক অনন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷ মঙলবাৰে সন্ধিয়াৰ পৰা নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত আৰম্ভ হয় আন্ত:জিলা হকী প্ৰতিযোগিতা (Inter District Hockey Tournament)। অসম হকীৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত মঙলবাৰৰ পৰা নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হয় ১৩ সংখ্যক ভাস্কৰজ্যোতি বৰকাকতী সোঁৱৰণী সদৌ অসম আন্তঃজিলা চাৱ-জুনিয়ৰ (ল'ৰাৰ) হকী প্ৰতিযোগিতা (Nagaon Hockey Tournament) ।
প্ৰতিযোগিতাখনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, কৰ্পোৰেশ্যন, খনি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই । প্ৰতিযোগিতা খনিৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোঁহাই ,ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সচিৱ গীতাৰ্থ গোস্বামী, অসম হকীৰ সম্পাদক তপন দাস, জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমনি চুতীয়া, চাজন নায়ক প্ৰমুখ্যে নগাঁও ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয় ববীয়া আৰু অসমৰ বিভিন্ন স্থানৰ পৰা অহা খেলুৱৈ সকল উপস্থিত থাকে (Inter District Hockey Tournament in Nagaon) ।
ৰাজ্যিক ভিত্তিত হকী প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি পূৰ্বে নিজেও ক্ৰীড়াৰ সৈতে জড়িত থকাৰ কথা উল্লেখ কৰে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই । লগতে গামোচা বিতৰ্কক লৈও মন্তব্য কৰে কণ্ঠশিল্পী গৰাকীয়ে । গামোচাক গামোচা হৈয়েই থাকিবলৈ দিব লাগে ইয়াক লৈ বিতৰ্ক কৰাটো অনুচিত বুলি মন্তব্য কৰি জাতীয় স্বাভিমান গামোচাক বস্ত্ৰ হিচাপে পৰিধান কৰাটো তেওঁৰ ব্যক্তিগত অপছন্দ বুলি অভিমত ব্যক্ত কৰে তেওঁ । আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ৰাষ্ট্রীয় খেল হকীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হোৱা বুলি মন্তব্য কৰে উদ্যোক্তাই ।
লগতে পঢ়ক : Environment Education programme: মৰিগাঁৱত পৰিৱেশৰ বাবে জীৱন শৈলী শীৰ্ষক কাৰ্যসূচীৰ সফল সামৰণি