চামগুৰি, 13 ডিচেম্বৰ: যি সময়ত বৃদ্ধাশ্ৰমৰ বিভিন্ন বা-বাতৰিয়ে দখল কৰিছে সংবাদ মাধ্যমৰ শিৰোনাম, ৰাজ্যৰ বিভিন্ন স্থানৰ বৃদ্ধাশ্ৰম সমূহত ভিৰ কৰিছে বয়োজ্যেষ্ঠ ব্যক্তিয়ে, ঠিক তেনে সময়তেই নগাঁও জিলাৰ পুৰণিগুদামৰ এটি পৰিয়ালে দেখুৱাইছে অনন্য নিদৰ্শন । পুৰণিগুদামৰ তেলিয়াগাঁৱৰ বিশেষ পৰিয়ালটোৰ মূল ব্যক্তিগৰাকীয়ে শতায়ুত ভৰি দিয়া দিনটোক পৰিয়ালটোৰ প্ৰায় শতাধিক সদস্যই মিলি উদযাপন কৰিছে আনন্দ উল্লাসৰ মাজেৰে ।
ইতিমধ্যেই জীৱনৰ ৯৯ টা বসন্ত পাৰ কৰি শতায়ুত ভৰি দিয়া ব্যক্তিজন হৈছে অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষিতিধৰ শৰ্মা । পৰিয়ালটোৰ সকলোতকৈ বয়োজ্যেষ্ঠ ব্যক্তজনৰ জন্মদিনটো কেৱল কেক কাটিয়ে পালনা কৰা নাই পুত্ৰ-বোৱাৰী, জী-জোঁৱাই অথবা নাতি-আজোনাতিহঁতৰ লগতে সম্পৰ্কীয় সকলে ৷ তেখেতৰ সান্নিধ্যত পাৰ কৰা সময়বোৰক সোঁৱৰি অতি হেপাঁহেৰে প্ৰস্তুত কৰা এখন গ্ৰন্থও উন্মোচন কৰিছে ক্ষিতিধৰ শৰ্মাৰ শততম্ জন্মদিনটোত ।
উল্লেখ্য যে, বিভিন্ন কাৰণত সন্তানে নিজৰ পিতৃ-মাতৃক গুৰুত্ব প্ৰদান নকৰি বৃদ্ধাশ্ৰমলৈ পঠিওৱাৰ দৰে ঘটনা ৰোধ কৰাৰ মানসেৰে চৰকাৰী চাকৰিয়াল সকলক মাহটোৰ দুটা দিন পিতৃ-মাতৃৰ সৈতে কটোৱাৰ সুবিধা কৰি দিব লগীয়া হৈছে চৰকাৰে ৷ সেই সময়তে পুৰণিগুদামৰ শতায়ুত ভৰি দিয়া ব্যক্তি ক্ষিতিধৰ শৰ্মাৰ পৰিয়ালটোৱে অভিভাৱকজনৰ প্ৰতি দেখুওৱা দ্বায়িত্ববোধ তথা আত্মিক উদাৰতাখিনিয়ে নিশ্চিত ভাৱেই সমাজৰ আগত দাঙি ধৰিব পাৰিছে এক উৎকৃষ্টতম নিদৰ্শন ।
লগতে পঢ়ক: বৃদ্ধাশ্ৰমৰ পৰা পুত্ৰই ঘৰলৈ নিলে বৃদ্ধ পিতৃক