- নগাঁৱত আপৰ নেতালৈ চিয়াঁহী নিক্ষেপ (Ink AAP incident in Nagaon)
- চিয়াঁহী নিক্ষেপৰ ঘটনাত বিজেপি কৰ্মী জড়িত থকাৰ সন্দেহ
- নগাঁও জিলা পুথিভঁৰালৰ সন্মুখতে সংঘটিত হৈছে এই অনাকাংক্ষিত ঘটনাটো
- তথ্য অনুসৰি, জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছিল আপৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (10th Annual Foundation Day Programme of AAP)
- তেনে সময়তে পুথিভঁৰালৰ সন্মুখত আপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যুগান্তৰ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সব্যসাচী বৰালৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে স্কুটিত অহা দুই যু্ৱকে
- চিয়াঁহী নিক্ষেপ কৰি যুৱক দুজনে বিজেপি জিন্দাবাদ ধ্বনি দি ত্যাগ কৰে সেই স্থান
- তাৰ পাচতে অঞ্চলটো সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ
- ইফালে আপৰ নেতালৈ চিয়াঁহী নিক্ষেপৰ এই ঘটনাকলৈ নগাঁৱত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ