ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা - ড্ৰাগছৰ বিশাল সাম্ৰাজ্য নিয়ন্ত্ৰণ

হেৰ'ইন,ব্ৰাউন ছুগাৰৰ দৰে মাৰাত্মক ড্ৰাগছ ব্যৱসায়েৰে নেতৃত্ব বহন কৰা মামাৰ বিৰুদ্ধে ২০১৬ চনতে নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত 148/16 নম্বৰ আৰু নগাঁও সদৰ আৰক্ষী থানাত 783/18, 408/20, 696/20 নম্বৰত গোচৰ ৰুজু হৈ আছিল ৷ ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাৰ উপৰিও চি আই ডিতো গোচৰ ৰুজু হৈ আছিল মামাৰ বিৰুদ্ধে ৷

Infamous drug mafia mama arrested by Nagaon police
নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা
author img

By

Published : Sep 23, 2020, 5:40 PM IST

নগাঁও,23 ছেপ্তেম্বৰঃ নগাঁও আৰক্ষীৰ জালত পৰিল অন্ধকাৰ জগতৰ কুখ্যাত ড্ৰাগছ মাফিয়া হবিবুৰ ৰহমান ওৰফে মজিবুৰ ওৰফে মামা ৷ দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ বিশাল সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰি থকা মামাক বিচাৰি ২০১৬ চনৰ পৰাই আৰক্ষীয়ে চলাই আহিছিল অভিযান । অৱশেষত নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে নিশা শ্বিলঙৰ পৰা মাফিয়া মামাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

নগাঁও আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া মামা

হেৰ'ইন, ব্ৰাউন ছুগাৰৰ দৰে মাৰাত্মক ড্ৰাগছ ব্যৱসায়েৰে নেতৃত্ব বহন কৰা মামাৰ বিৰুদ্ধে ২০১৬ চনতে নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত 148/16 নম্বৰ, নগাঁও সদৰ আৰক্ষী থানাত 783/18, 408/20, 696/20 নম্বৰত গোচৰ ৰুজু আছিল ৷ ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাৰ উপৰিও চি আই ডিতো গোচৰ ৰুজু হৈ আছিল মামাৰ বিৰুদ্ধে ৷

কিন্তু শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে ধাৰাবাহিক ভাৱে আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযানত তথা নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিৎ গোড়াব আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ তৎপৰতাত জালত পৰে হবিবুৰ ৰহমান ওৰফে মামা

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মামাৰ পত্নীও আৰক্ষীৰ জালত পৰিছিল ।জানিব পৰা মতে, নিজ পত্নীৰ লগতে বহু মহিলাক ড্ৰাগছৰ ব্যৱসায়ত জড়িত কৰোৱাইছিল মজিবুৰ ওৰফে মামাই । ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ পদক্ষেপ তথা কাৰ্যক এতিয়া সকলোৱে শলাগ লৈছে ৷

লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.