ETV Bharat / state

স্বাধীনতা কাপ ফুটবল: ফাইনেলত প্ৰৱেশ বি এছ এফ জলন্দৰ আৰু গকুলম এফ চি কেৰেলা - ফাইনেলত প্ৰৱেশ বি এছ এফ জলন্দৰ আৰু গকুলম এফ চি কেৰেলা

নগাওঁ ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ পাঞ্জাৱৰ বি এছ এফ জলন্দৰ আৰু গকুলম কেৰেলা এফ চিৰ ।

স্বাধীনতা কাপ ফুটবল: ফাইনেলত প্ৰৱেশ বি এছ এফ জলন্দৰ আৰু গকুলম এফ চি কেৰেলা
author img

By

Published : Oct 22, 2019, 11:18 PM IST

নগাঁও, 22 অক্টোবৰ: স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ বি এছ এফ জলন্দৰ আৰু গকুলম কেৰেলা এফ চিৰ ৷ নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হয় সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাখন ৷ মঙলবাৰে অনুষ্ঠিত হোৱা অন্তিমখন লীগ মেচত পাঞ্জাৱৰ বি এছ এফ দলে অইল ইণ্ডিয়া দুলিয়াজানক 1-0 গ'লত পৰাস্ত কৰে । লীগৰ তিনিখনকৈ খেলত পাঞ্জাৱৰ বি এছ এফে মুঠ 7 পইণ্ট অর্জন কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে অইল ইণ্ডিয়া দুলিয়াজানে তিনিখন খেলত শূণ্য পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হয়।

স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা

ইপিনে অন্তিমখন লীগ মেচত কেৰেলাৰ গকুলম এফ চি আৰু অসম বিদ্যুৎ পৰিষদ গুৱাহাটীৰ মাজত 2-2 গ'লত অমীমাংসিত হয় যদিও তিনিখনকৈ খেলত কেৰেলাৰ গকুলমে 5 পইণ্ট অর্জন কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে বিদ্যুৎ পৰিষদ অসমে তিনিখন মেচত লাভ কৰে চাৰি পইণ্ট। বুধবাৰে বিয়লি কেৰেলাৰ গকুলম এফ চি আৰু বি এছ এফ জলন্দৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন ।

Intro:স্বাধীনতা কাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ বি এছ এফ পাঞ্জাৱ আৰু গকুলম এফ চি কেৰেলা।

Body:নগাওঁ ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা সৰ্বভাৰতীয় পৰ্য্যায়ৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে পাঞ্জাৱৰ বি এছ এফ জলন্দৰ আৰু গকুলম কেৰেলা এফ চি। মঙলবাৰে অনুষ্ঠিত হোৱা অন্তিম লীগত পাঞ্জাৱৰ বি এছ এফ দলে অইল ইণ্ডিয়া দুলিয়াজানক ১-০ গ'লত পৰাস্ত কৰে। লীগৰ তিনিখনকৈ খেলত পাঞ্জাৱৰ বি এছ এফে মুঠ ৭ পইণ্ট অর্জন কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে অইল ইণ্ডিয়া দুলিয়াজানে তিনিখন খেলত শূণ্য পইণ্টতে সন্তুষ্ট থাকিবলগীয়া হল। ইপিনে শেষৰ খন লীগত কেৰেলাৰ গকুলম এফ চি আৰু অসম বিদ্যুৎ পৰিষদ গুৱাহাটীৰ মাজত ২-২ গ'লত অমীমাংসিত হৈ থাকে যদিও তিনিখনকৈ খেলত কেৰেলাৰ গকুলমে ৫ পইণ্ট অর্জন কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে বিদ্যুৎ পৰিষদে তিনিখন খেলত লাভ কৰে চাৰি পইণ্ট। বুধবাৰে বিয়লি কেৰেলাৰ গকুলম এফ চি আৰু বি এছ এফ পাঞ্জাৱৰ মাজত অনুষ্ঠিত হব চুড়ান্ত খেল।
bite, অসীম ভাৱেল, যুটীয়া সম্পাদক, নগাওঁ ক্ৰীড়া সন্থা।
-------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২২-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.