ETV Bharat / state

নগাঁৱত স্বামী পৰিয়ালে বোৱাৰীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ - স্বামী পৰিয়াল

স্বামী ঘৰত নথকাৰ সুযোগলৈ শহুৰ-শাহু আৰু স্বামী পৰিয়ালে বোৱাৰী ইয়াচমিনাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ৷ স্থানীয় লোকৰ সহযোগত প্ৰাণ ৰক্ষা পৰে বোৱাৰী গৰাকীৰ ৷

নগাঁৱত স্বামী পৰিয়ালে বোৱাৰীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ
author img

By

Published : Apr 24, 2019, 10:04 AM IST

বঢ়মপুৰ , 24 এপ্ৰিলঃ নগাঁৱৰ কঠিয়াতলীত এগৰাকী বোৱাৰীক স্বামী পৰিয়ালে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ ৷

নগাঁৱত স্বামী পৰিয়ালে বোৱাৰীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ
ঘটনাৰ বিৱৰণী অনুসৰি মোৰাঝাৰৰ সাৱাজপুৰ গাঁৱৰ ইয়াচমিনা বেগমৰ নগাঁও ৰাঙলু বুঢ়াবাৰী গাঁৱৰ চাদ্দাম হোচেইনৰ লগত বিবাহ হৈছিল ৷ তেনে সময়তে 19 এপ্ৰিলৰ নিশা ইয়াচমিনাৰ স্বামী ঘৰত নথকাৰ সুযোগলৈ শহুৰ-শাহু আৰু স্বামী পৰিয়ালে তেওঁক মাৰপিট কৰাৰ ওপৰিও হত্যাৰ চেষ্টা চলোৱা অভিযোগ উত্থাপিত কৰে ইয়াচমিনে ৷ ইয়াতে ক্ষান্ত নাথাকি স্বামী পৰিয়ালে ইয়াচমিনাক পিতৃ গৃহলৈ খেদি পঠিয়াই বুলিও অভিযোগ দিয়ে বোৱাৰী গৰাকীয়ে ৷ আনহাতে ভুক্তভোগী ইয়াচমিনাই কঠিয়াতলী আৰক্ষী চকীত উপস্থিত হৈ স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দিবলৈ আৰক্ষী বিষয়া নৰেন চন্দ্ৰ ৰাভাক অনুৰোধ জনায় ৷ কিন্তু আৰক্ষী বিষয়াজনে ভয় ভাবুকি আৰু বল পূৰ্বক ভাৱে দুয়ো পক্ষৰ মাজত আপোচ মীমাংসা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে ইয়াচমিনাই ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত কঠিয়াতলি আৰক্ষী বিষয়া ৰাভাই এজাহাৰ ল'বলৈ বাধ্য হয় ৷ ইতিমধ্য ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে যদিও এই পৰ্যন্ত অভিযুক্ত স্বামী পৰিয়ালৰ কোনো সদস্যক আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা নাই ৷

Intro:নগাঁৱৰ কঠিয়াতলীত স্বামী পৰিয়ালে হত্যাৰ চেষ্টা চলালে এগৰাকী বোৱাৰীক ।

Anchor=নগাঁৱৰ কঠিয়াতলীত স্বামী পৰিয়ালে হত্যাৰ চেষ্টা চলালে এগৰাকী বোৱাৰীক । স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল ভোক্তভোগীৰ । মোৰাঝাৰৰ সাৱাজপুৰ গাঁৱৰ আব্দু নুৰৰ জীয়ৰী ইয়াচমিনা বেগমৰ বিবাহ হৈছিল নগাওঁ ৰাঙলু বুঢ়াবাৰী গাঁৱৰ আব্দুৰ ৰহমানৰ পুত্ৰ চাদ্দাম হোচেইনৰ লগত ৷ বিবাহৰ পিছত কিছুদিন ভালেই গৈছিল যদিও ১৯ এপ্ৰিলত নিশা ইয়াচমিনাৰ স্বামী ঘৰত নথকাৰ সুযোগত শহুৰ শাহুৰি আৰু স্বামীৰ পৰিয়ালে অতি বেয়াকৈ মাৰপিট কৰাৰ ওপৰিও হত্যাৰ চেষ্টা চলায় বোৱাৰী গৰাকীক ৷ স্থানীয় ৰাইজৰ সহযোগত প্ৰাণ ৰক্ষা পৰে বোৱাৰী গৰাকীৰ । মাৰপিট কৰি হত্যাৰ চেষ্টা চলাইয়ো শান্ত নাথাকি খেদি পঠিয়ালে পিতৃ গৃহলৈ । পাছত ইয়াচমিনাই কঠিয়াতলী আৰক্ষী চকীত উপস্থিত হৈছিল স্বামী পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দিবলৈ গৈ উপস্থিত হৈ আৰক্ষী বিষয়া নৰেন চন্দ্ৰ ৰাভাক এজাহাখন লোৱাৰ বাবে কাতৰ অনুৰোধ জনাইছিল যদিও ৰাভাই বিভিন্ন ভয় ভাবুকিৰে বল পুৰ্বক ভাৱে আপোচ মিমাংসা কৰাৰ চেষ্টা চলোৱাৰ উত্থাপন হৈছে অভিযোগ । পিছত ভুক্তভোগীয়ে সাংবাদিকৰ লগত যোগাযোগ কৰাত ঘটনাস্থলিত সাংবাদিক উপস্থিত হোৱাত, সাংবাদিকৰ কেমেৰা দেখি এজাহাৰ ল'বলৈ বাধ্য হয় কঠিয়াতলি আৰক্ষী বিষয়া নৰেন চন্দ্ৰ ৰাভা । ইতিমধ্য ঘটনাৰ সন্দৰ্ভত বোৱাৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাইছে যদিও অভিযুক্ত স্বামী পৰিয়ালৰ কোনো সদস্যক সোধপোচ কৰা নাই আৰক্ষীয়ে ৷

Body:Byte=ভূক্তভোগীৰ আত্মীয় ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.