ETV Bharat / state

কামপুৰত সাংবাদিকক আক্ৰমণ চোৰাং বালি-কাঠ ব্যৱসায়ীৰ - চোৰাং বালি

কামপুৰত বালি আৰু অবৈধ কাঠৰ মিলৰ চোৰাং ব্যৱসায় ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে কেমেৰা কাঢ়ি নিয়াৰ চেষ্টা চলায় চোৰাং ব্যৱসায়ীয়ে ৷

Illegal sand and wood machine business at Kampur
কামপুৰত অবৈধ বালি আৰু কাঠ মিলৰ ৰমৰমীয়া বেহা
author img

By

Published : Jul 24, 2020, 12:20 PM IST

বঢ়মপুৰ, 28 জুলাই : কামপুৰত চলিছে বালি আৰু অবৈধ কাঠৰ মিলৰ মালিকৰ দপদপনি ৷ কামপুৰৰ জুৰিপাৰত বালি মাফিয়াই চলাই আছে চোৰাং বালিৰ বেহা ৷ ইফালে, খহি যোৱা পথেৰে বালিৰ ট্ৰাক চলাচল কৰিবলৈ বাধা দিয়াৰ বাবেই মহিলাসহ দুজন লোকক মাৰপিট কৰে বালি মাফিয়াই ৷

জানিব পৰা মতে, জুৰিপাৰত বৰপানী নৈৰ দুয়োপাৰে মেচিন ব্যৱহাৰ কৰি অবৈধভাৱে বালি তুলি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ বালি মাফিয়াই ৷ দৈনিক শ শ ট্ৰাক চলাচলৰ ফলত জুৰিপাৰ-মাধৱপাৰা সংযোগী পথটো অনিষ্ট হোৱাৰ লগতে খহনীয়াৰ কৱলত পৰাত ৰাইজে বালি ট্ৰাক চলাচলৰ বন্ধ কৰি দিয়ে ৷ ইয়াৰ পাচতে মহিলাসহ দুজন লোকক মাৰ-ধৰ কৰে বালি মাফিয়াই ৷

কামপুৰত অবৈধ বালি আৰু কাঠ মিলৰ ৰমৰমীয়া বেহা

বন বিভাগে মাফিয়াসকলক কেইটামান টকাৰ বিনিময়ত ৰঙা দলিছা পাৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ ইফালে পণ্ডিত ঘাটত এটা অবৈধ কাঠৰ মিল জব্দ কৰাক লৈ বন বিভাগ আৰু ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক চোৰাং ব্যৱসায়ীয়ে অপদস্থ কৰা বুলি জানিব পৰা গৈছে ৷ লগতে সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ চেষ্টা চলায় চোৰাং ব্যৱসায়ীয়ে ৷ অৱশেষত কচুৱা আৰক্ষীয়ে অবৈধ কাঠ ফলা মিলটো জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্তৰ খবৰ শুনি মৃত্যু ঘটিল অট' চালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.