ETV Bharat / state

HSLC Result: নগাঁৱত উত্তীৰ্ণৰ হাৰ 89.32 শতাংশ - মেট্ৰিক পৰীক্ষাৰ ফলাফল

শুকুৰবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফলত নগাঁও জিলাত উত্তীৰ্ণৰ হাৰ 89.32 শতাংশ । জিলাখনৰ পৰা অৱতীৰ্ণ হৈছিল মুঠ 21 হাজাৰ 728 গৰাকী পৰীক্ষাৰ্থী ৷ নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰী শ্ৰেয়া সৰকাৰে 99.05 শতাংশ, হিমাংশু প্ৰতীম বৰাই 97.17 শতাংশ আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ খঞ্জন নাথে 98 শতাংশ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াইছে নগাঁও জিলা (Nagaon District)লৈ ৷

hslc results of nagaon district
নগাঁৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
author img

By

Published : Jul 30, 2021, 10:34 PM IST

নগাঁও, 30 জুলাই : ক’ভিড (Covid)ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পোনপ্ৰথমবাৰৰ বাবে মূল্যাংকণ বিকল্পৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ঘোষণা কৰিলে ছেবা (SEBA)ই ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁও জিলা (Nagaon District)ত উত্তীৰ্ণৰ হাৰ 89.32 শতাংশ । আনহাতে অনুত্তীৰ্ণ হৈছে 2,321 গৰাকী । জিলাখনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ 21 হাজাৰ 728 গৰাকী পৰীক্ষাৰ্থী ৷ ইয়াৰ ভিতৰত 19 হাজাৰ 407 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷

নগাঁৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

প্ৰথম বিভাগত উত্তীৰ্ণ হয় 5,898 গৰাকী, দ্বিতীয় বিভাগত 8,895 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় 4614 গৰাকী । এইবাৰৰ পৰীক্ষাবিহীন ফলাফলত জিলাখনৰ পৰা 913 গৰাকীয়ে ডিষ্টিংচন আৰু 1,347 গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে । নগাঁও চহৰৰ আমোলাপট্টি শিৱনগৰস্থিত নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰী শ্ৰেয়া সৰকাৰে 99.05 শতাংশ, হিমাংশু প্ৰতীম বৰাই 97.17 শতাংশ নম্বৰ লাভ কৰাৰ লগতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ খঞ্জন নাথে 98 শতাংশ নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল সন্দৰ্ভত কি ক'লে ছেবাৰ সচিবে ?

ইফালে হাইমাদ্ৰাছা পৰীক্ষাত নগাঁও জিলাৰ উত্তীৰ্ণৰ হাৰ 96.34 শতাংশ । হাইমাদ্ৰাছা পৰীক্ষাৰ নগাঁও জিলাৰ ছাত্ৰ-ছাত্ৰী আছিল 1,340 গৰাকী । ইয়াৰে ভিতৰত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 1,291 গৰাকী । প্ৰথম বিভাগত 314 গৰাকী, দ্বিতীয় বিভাগত 786 গৰাকী আৰু তৃতীয় বিভাগত 314 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে ।

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাচত পূৰ্বৰ দৰে উছাহ পৰিলক্ষিত হোৱা নাই । নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ আৰু নৱৰূপ জাতীয় বিদ্যাপীঠ কৰ্তৃপক্ষই তেওঁলোকৰ কৃতিমান ছাত্ৰ-ছাত্ৰীকলৈ গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে । নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰী শ্ৰেয়া সৰকাৰ, ছাত্ৰ হিমাংশু প্ৰতীম বৰা আৰু নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ খঞ্জন নাথে পূৰ্বৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’লে নিশ্চিতভাৱে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিলেহেঁতেন বুলি বিদ্যালয় দুখনৰ কৰ্তৃপক্ষই অৱগত কৰে ।

পৰীক্ষাবিহীন মেট্ৰিক পৰীক্ষাৰ ফলাফলকলৈ জিলাখনৰ কোনো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত উল্লাস দেখা পোৱা নগ’ল । আনকি বিদ্যালয়সমূহতো বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে । কেৱল মূল্যায়নৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা ফলাফলত অনুত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী সময়ত সুযোগ লাভ কৰিব বুলি নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে মন্তব্য কৰে ।

অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছেবাই অতি কম সময়ৰ ভিতৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি শিক্ষা বিষয়াগৰাকীয়ে অৱগত কৰে ৷

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত নগাঁৱৰ শ্ৰেয়া সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.