ETV Bharat / state

PM Kisan Samman Nidhi : কেনেকৈ লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন ? - new guidelines by Agriculture Department

ৰাজ্যৰ কৃষকসকলৰ বাবে এক জৰুৰি নিৰ্দেশনা ৷ 31 জুলাইৰ ভিতৰত নিজ নিজ বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ আৰু ই-কে ৱাই চি (E-KYC) সংযোগ কৰিলে লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন (PM Kisan Samman Nidhi) ৷ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ কৃষি বিভাগে ৷

PM Kisan Samman Nidhi
কেনেকৈ লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন ?
author img

By

Published : Jul 14, 2022, 9:19 AM IST

কলিয়াবৰ, 14 জুলাই: ৰাজ্যৰ কৃষকসকলক কৃষিক্ষেত্ৰত সঠিকভাৱে আৰু সফলতাৰে আগবঢ়াই নিবলৈ অসম কৃষি বিভাগে বিভিন্ন সময়ত ৰূপায়ন কৰিছে ভিন্ন আঁচনি ৷ যি আঁচনিৰ জৰিয়তে লাভাম্বিত হ’ব ৰাজ্যৰ কৃষকসকল ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে পি এম কৃষান আঁচনি (PM Kisan Samman Nidhi) ৷ এই আঁচনি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয় ৷

বৰ্তমান এই আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ৰাজ্যৰ কৃষি বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশনা(New guidelines by Agriculture Department) ৷ সেই নিৰ্দেশনা অনুসৰি, প্ৰত্যকগৰাকী হিতাধিকাৰী কৃষকে নিজ নিজ বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ আৰু ই-কে ৱাই চি (E-KYC) সংযোগ কৰিব লাগিব (Linking Aadhaar number and E-KYC with bank account) ৷

কেনেকৈ লাভ কৰিব পি এম কৃষক আঁচনিৰ ধন ?

তেতিয়াহে এই আঁচনিৰ লাভালাভ ভোগ কৰিব পাৰিব হিতাধীকাৰী কৃষকে ৷

পি এম কৃষক আঁচনিৰ ধন পাবলৈ এই সকলোবোৰ কাম 31 জুলাইৰ ভিতৰত সমাপন কৰিব লাগিব ৷ কৃষি বিভাগে জাৰি কৰা এই নিৰ্দেশনাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে কলিয়াবৰৰ চক্ৰ বিষয়া কাৰ্যালয়স্থিত জন সেৱা কেন্দ্ৰত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে ৷

PM Kisan Samman Nidhi
ৰাজ্যৰ কৃষকসকলৰ বাবে এক জৰুৰি নিৰ্দেশনা

আনহাতে, পূৰ্বতে পি এম কৃষক আঁচনিৰ ধন লাভ কৰা আৰু নকৰা হিতাধিকাৰীসকলেও কৃষি বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ পূৰণ কৰিব লাগিব ৷ যদি বেংক একাউন্টৰ লগত আধাৰৰ সংযোগ আৰু ই-কেআইচি (E-KYC) কৰা নাই, তেন্তে কৃষকে নাপাব পি এম কৃষান আঁচনিৰ ধন ।

লগতে পঢ়ক : Health Minister review meeting: জাপানীজ এনকেফেলাইটিজ-মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.