ETV Bharat / state

Eviction on NHAI land in Nagaon: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভূমিৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Feb 4, 2023, 1:52 PM IST

নগাঁৱৰ উৰীয়াগাঁও বাইপাছত নিশা উত্তপ্ত পৰিস্থিতি (Heated situation over eviction)। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভিত ক্ষুদ্ৰ ব্যৱসায়ী । নিশাও ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদৰ চেষ্টা । উৰীয়গাৱঁত নিশাই উপস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি । বুজ লবলৈ উপস্থিত স্থানীয় বিধায়ক জিতু গোস্বামী ।

Heated situation over eviction of small businessmen from NHRA land in Nagaon
নগাঁৱৰ উৰীয়াগাঁও বাইপাছত নিশা উত্তপ্ত পৰিস্থিতি

নগাঁও, 4 ফেব্ৰুৱাৰী: নগাঁৱৰ উৰীয়াগাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভূমিৰ পৰা থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰি বহিৰাগত কোম্পানীক লীজত দিয়াক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰিয়েই প্ৰতিক্ৰিয়া অব্যাহত আছে নগাঁৱত (Eviction of small businessmen from NHAI land) । থলুৱা ব্যৱসায়িক উচ্ছেদ কৰি বহিৰাগত এটা কোম্পানীক ৰাষ্ট্ৰই ঘাইপথ প্ৰাধিকৰণে ভূমি লীজত দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে নগাঁৱৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল ।

নগাঁৱৰ উৰীয়াগাঁৱৰ বাইপাছৰ ভূমিত বহিৰাগত কোম্পানীয়ে পেট্ৰল পাম্প, ধাবা আদি খোলাৰ বাবে প্ৰস্তুতি চলোৱাৰ পিছতেই নগাঁৱত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ মাজতে চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু স্থানীয় ব্যৱসায়ী, দল সংগঠনৰ মাজত এক বৈঠক অনুষ্ঠিত হোৱাৰ আলোচনাও চলি আছিল (NHAI land controversy)।

তাৰ মাজতে শুকুৰবাৰে নিশাও কোম্পানীটোৱে গোপনে সৰু সৰু দোকান উচ্ছেদ কৰি কোম্পানীৰ কাম আৰম্ভ কৰিব বিচাৰিছিল । যাক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উৰীয়াগাঁৱত । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰতিনিধি উপস্থিত হৈ কোম্পানীৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ দাবী উত্থাপন কৰে (Eviction of small businessmen from NHAI)।

লগতে পঢ়ক: Budget 2023: থলুৱা শিপিনী আৰু শিল্পকলাৰ লগত জড়িত মহিলাসকললৈ প্ৰধানমন্ত্ৰী বিকাশ পেকেজ

উল্লেখযোগ্য যে, কোম্পানীটোৱে আৰম্ভ কৰা নিৰ্মাণ কাৰ্যৰ ফলত খেলপথাৰকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ প্ৰতিও ভাবুকি অহাৰ আশংকা কৰিছে একাংশই । যাক লৈয়েই কোম্পানীৰ নিৰ্মাণ কাৰ্যৰ বিৰোধিতা কৰিছিল এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও । অঞ্চলটোৰ একমাত্ৰ খেলপথাৰখন অক্ষত অৱস্থাত ৰখাৰ বাবে দাবী জনাইছে দল সংগঠনে ।

শুকুৰবাৰে নিশা অৱশেষত উৰীয়াগাঁও বাইপাছত স্থানীয় বিধায়ক জিতু গোস্বামীও উপস্থিত হৈ সমগ্ৰ বিষয় সন্দৰ্ভত বুজ লয় । বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অৱগত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়েও সমস্যাটোৰ স্থায়ী সমাধানৰ পোষকতা কৰা বুলি উল্লেখ কৰে বিধায়ক জিতু গোস্বামীয়ে ।

এইক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজাৰিকাক দায়িত্ব অৰ্পণ কৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে বিধায়ক জিতু গোস্বামীয়ে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ভূমিক লৈ সৃষ্টি হোৱা অৰাজকতাৰ অন্ত পেলাই স্থানীয় থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীক ব্যৱসায় কৰি পৰিয়াল পোহ পাল দিয়াত সহায় কৰিবলৈ সকলোৱে উত্থাপন কৰিছে দাবী ।

লগতে পঢ়ক: Operation Kurukshetra: বাহনৰ কৰ আদায় নিদিয়া সকলৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে অপাৰেশ্যন কুৰুক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.