নগাঁও,১৬ জুন: বৃহস্পতিবাৰেও নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত গ্ৰহণ কৰা হয় নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি(Hearing of Abhi Neel mob lynching case) । বৃহস্পতিবাৰে সাক্ষ্যদান কৰিবলৈ নগাঁও আদালতত উপস্থিত হয় নীল-অভি হত্যাকাণ্ড(Abhi Neel murder)ৰ গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাস । কিন্তু ষষ্ঠ দিনাও সম্পূৰ্ণ হোৱা নাই তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাসৰ সাক্ষ্যগ্ৰহণ ।
তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাসক বৃহস্পতিবাৰেও মাৰাথান জেৰা কৰে বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই । বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই তদন্তকাৰী আৰক্ষী বিষয়াক কৰা জেৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে নিলোৎপল দাস আৰু অভিজিৎ নাথৰ পিতৃয়ে । বৃহস্পতিবাৰেও প্ৰায় চাৰে চাৰিঘণ্টা সময় জেৰা কৰে তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাসক ।
পুৱাৰ পৰা নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই জেৰা চলায় যদিও আদালতৰ সময় অন্ত পৰাত বৃহস্পতিবাৰে ষষ্ঠ দিনা কৰা জেৰাতো সম্পূৰ্ণ হোৱা নাই তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীৰ সাক্ষ্যদান প্ৰক্ৰিয়া । যাৰ বাবে সপ্তম দিনাও বিপক্ষৰ অধিবক্তাৰ জেৰাৰ সম্মুখীন হ'ব লাগিব তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাস ।
জেৰাৰ নামত বিপক্ষৰ অধিবক্তাই আদালতৰ মূল্যৱান সময় অপচয় কৰা বুলিও অভিযোগ উত্থাপন কৰিছে নীল-অভিৰ পিতৃদ্বয়ে । আনকি ডকমকাত সংঘটিত ভয়ংকৰ হত্যাকাণ্ডত জড়িত অভিযুক্তক দোষমুক্ত কৰাৰ বাবেও বিপক্ষৰ অধিবক্তা মানস শৰণীয়াই আপ্ৰাণ চেষ্টা অব্যাহত ৰখা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে নিলোৎপল আৰু অভিজিতৰ পিতৃয়ে ।
উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ জুনত গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ ন্যায়ৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল যদিও বিগত চাৰি বছৰে সম্পূৰ্ণ হোৱা নাই বিচাৰপ্ৰক্ৰিয়া(Karbianglang mob lynching case) । অৱশ্যে তদন্তকাৰী আৰক্ষী বিষয়া যতীন্দ্ৰ নাথ দাসৰ সাক্ষ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত আন দুগৰাকী তদন্তকাৰী বিষয়াৰ সাক্ষ্যগ্ৰহণ কৰিব নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতে(Neel Abhi Murder case Judgement process) । তাৰ পিছতেই চূড়ান্ত হ'ব নীল-অভি হত্যাকাণ্ডৰ বিচাৰপ্ৰক্ৰিয়া ।
লগতে পঢ়ক: অম্বুবাচী মেলা: নাথাকিব ভি আই পিৰ বাবে বিশেষ দৰ্শনৰ ব্যৱস্থা