নগাঁও, 25 জুন : যি সময়ত সমগ্ৰ দেশ তথা অসমত কৰ'ণা মহামাৰীৰ তাণ্ডৱত এখন এম্বুলেঞ্চ অথবা এখন চৰকাৰী বাহনৰ বাবে বহু দৰিদ্ৰ ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে । এখন এম্বুলেঞ্চ অথবা চৰকাৰী এখন বাহনৰ বাবে গ্ৰাম্য অঞ্চলৰ বহু দৰিদ্ৰ ৰোগীয়ে হাহাকাৰ কৰাৰ সময়তে ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে স্বাস্থ্য বিভাগৰ অকৰ্মণ্যতাৰ এক লাজ লগা ছবি ৷ নগাঁও চহৰৰ মাজমজিয়াত থকা নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাসগৃহটো বিশেষভাৱে সাঙোৰ খাই পৰিছে এই ঘটনাৰ সৈতে ।
ব্ৰিটিছৰ দিনৰ এই চৰকাৰী আবাসগৃহটো সম্প্ৰতি হৈ পৰিছে অতি জৰাজীৰ্ণ । চৰকাৰী আবাসগৃহ আছে ঠিকেই কিন্তু আবাসগৃহটোত নাথাকে যুটীয়া স্বাস্থ্য সঞ্চালক । উপযুক্ত ব্যৱহাৰ আৰু মেৰামতিৰ অভাৱত এতিয়া জহি খহি গৈছে ব্ৰিটিছৰ দিনৰ এই চৰকাৰী আবাসগৃহটো ।
যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাসগৃহটো(government quarter)ত বিষয়া নাথাকিলেও বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে ১৫-২০ খন বাহন ।
যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী বাহনৰ লগতে আছে কেইবাখনো এম্বুলেঞ্চ । হাবি জংঘলে আৱৰিছে এইসমূহ বাহন । প্ৰায় বিশ বছৰ ধৰি হাবি জংঘলে আৱৰা পৰিত্যক্ত এম্বুলেঞ্চ, বাহন এতিয়া এফালৰ পৰা পচিব ধৰিছে । ইয়াকেলৈ এতিয়া সচেতন মহলত আলোচিত হৈছে যে, নতুন নতুন এম্বুলেঞ্চ তথা চৰকাৰী বাহন কিনি ৰাজকোষৰ ধন খৰছ কৰাৰ পৰিৱৰ্তে চৰকাৰে এই সমূহ বাহন মেৰামতি কৰি কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়োজনীয়তা আছে ৷
লগতে পঢ়ক : কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?