ETV Bharat / state

Food For Wild Elephant: হাতীখলি-ৰংহাংবাসীয়ে উচৰ্গা কৰিলে 200 বিঘা ধান

author img

By

Published : Nov 14, 2021, 6:28 PM IST

ৰাজ্যৰত সঘনাই সংঘটিত হ'বলৈ ধৰিছে হাতী মানুহৰ সংঘাত ৷ কিন্তু এই সংঘাত দূৰ কৰিবৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে হাতীখলি-ৰংহাংবাসীয়ে ৷ খাদ্যসন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ ভোক পূৰণ কৰিবৰ বাবে হাতীখলি-ৰংহাংবাসীয়ে উচৰ্গা কৰি 200 বিঘা ধাননি ৷

hatikholi and Ranghang cultivator dedicate 200 bigha of paddy for wild elephants
হাতীখলি-ৰংহাংবাসীয়ে বন্যহস্তীৰ বাবে উচৰ্গা কৰিলে 200 বিঘা ধাননি

চামগুৰি, 14 নৱেম্বৰ : নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাংবাসীয়ে বন্যহস্তীৰ বাবে আগবঢ়ালে 200 বিঘা ধাননি ৷ বিগত বছৰৰ দৰে এইবাৰো ধৰ্মীয় ৰীতি-নীতিৰে গাঁওবাসীয়ে বন্যহস্তীৰ খাদ্য হিচাপে আগবঢ়ালে এই কৃষিভূমি ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ উপদ্ৰৱৰ পৰা নিজকে ৰক্ষা কৰাৰ স্বাৰ্থতে এনেধৰণৰ উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিলে হাতীখলি-ৰংহাংবাসীয়ে ৷

উল্লেখ্য যে, খেতি চপোৱাৰ সময়ত বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ভৈয়ামৰ কৃষক ৰাইজক ৰক্ষা কৰিবৰ বাবে স্থানীয় ৰাইজৰ সহযোগত "হাতীবন্ধু" নামৰ এটা প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত গাঁও খনৰ ২০০ বিঘা মাটিত বিগত দুটা বছৰ ধৰি বন্যহস্তীৰ বাবে কৰি অহা হৈছিল ধান খেতি ৷ গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতা আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত গ্ৰহণ কৰা হৈছে এই ব্যতিক্ৰমী পদক্ষেপ ৷

পূৰ্বৰ দৰে এইবাৰো ভৈয়ামৰ কৃষকে খেতি চপোৱাৰ দিন কেইটাত অন্তত ২০ দিন ধৰি হাতীখলি-ৰংহাঙৰ বিশেষ ধাননি খনতে খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাকক আৱদ্ধ কৰি ৰখাৰ প্ৰয়াস কৰিছে গাওঁবাসীয়ে ৷ বিগত দুবছৰ ধৰি বন্যহস্তীৰ ভোগ পূৰণ কৰিবৰ বাবে এখন পথাৰ ধান খেতি কৰি আহিছে গাঁওবাসীয়ে ৷

ইফালে, সমীপৰে পাহাৰৰ টিলাত প্ৰায় ৪০০ বিঘা মাটিত কৃষক সকলে কৰা বন্যহস্তীৰ বাবে কৰা নেফিয়াৰ আৰু ঝাঁও ঘাঁহ বিগত বহু কেইদিন ধৰি এটা বৃহৎ বনৰীয়া হাতীৰ জাকে খাই থকা দেখি উৎফুল্লিত হৈ পৰিছে হাতীবন্ধুৰ কৰ্মকৰ্তা সকলৰ লগতে গাঁওবাসী । হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে দুলু বৰা আৰু গাঁওবাসীয়ে দীৰ্ঘদিন ধৰি কৰি অহা কষ্ট আৰু ত্যাগক শলাগ লোৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত বনবিভাগে বন্যহস্তীৰ বাবে খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত পৰ্যাপ্ত পৰিৱেশ তৈয়াৰ কৰিব পাৰিব বুলি আশাবাদী জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞা ।

লগতে পঢ়ক: Protest Against Price Hike: কংগ্ৰেছৰ জন জাগৰণে উত্তাল কৰিলে ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.