চামগুৰি, 20 জুলাই: নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত হস্তী আৰু মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্তী ৰংহাং কাৰ্বি গাঁৱত প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন "হাতীবন্ধু"ৱে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ ক্ৰমাগত তিনিটাকৈ বছৰত সফল পৰিসমাপ্তি হোৱাৰ পিছত পুনৰ চতুৰ্থ বৰ্ষৰ বাবে কাৰ্বি পাহাৰৰ হস্তীদণ্ডীত থকা ৰংহাং পথাৰত বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে "হাতীবন্ধু" নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে আৰম্ভ কৰিছে বৃহৎ কৃষিকাৰ্য ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা হাতী আৰু মানুহৰ সংঘাতৰ(Man-Elephant conflict) এই সমস্যা সমাধান কৰিবলৈ সংগঠনটোৰ পৃষ্ঠপোষক তথা গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞা আৰু সমগ্ৰ পৰিকল্পনাটোৰ নেতৃত্ব বহন কৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছে ।
বন্দুক-বাৰুদেৰে খেদিব বিচৰা বন্যহস্তীৰ বাবে ব্যতিক্ৰমী পদ্ধতিৰে খাদ্যৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে বিনোদ দুলু বৰা নামৰ যুৱকজন । প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই স্থানীয় গাঁওবাসীৰ সহযোগত কৃষিকাৰ্যটোৰ শুভাৰম্ভণি হিচাপে ধূপ-দীপ-নৈবদ্য আদি আগবঢ়াই গণেশ বন্দনাৰে বছৰটোৰ বাবে পথাৰত মাৰে কঠিয়াৰ প্ৰথমটো গোজ ।
ইফালে, আগন্তুক ডেৰমাহৰ ভিতৰতে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰে শতাধিক ৰোৱনীৰ সৈতে একগোট হৈ প্ৰায় ২৫০ বিঘা মাটিত শালিধানৰ কঠিয়া ৰোপণ কৰি অন্ত পেলোৱাৰ পৰিকল্পনা কৰিছে সংগঠনটোৱে । যি ডৰা ধাননিত আঘোন মহীয়া বন্যহস্তীৰ জাকক অন্ততঃ এমাহ ব্যস্ত কৰি ৰখাৰ পৰিকল্পনা "হাতীবন্ধু"ৰ । যিখিনি সময়ত ভৈয়ামৰ কৃষকে অনায়াসে চপাই নিব পাৰিব নিজৰ কষ্টোপাৰ্জিত ধানখিনি ।
শেহতীয়াকৈ হস্তী-মানৱৰ সংঘাত ৰোধৰ ক্ষেত্ৰত এক যুগান্তৰকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা এই কৃষিকাৰ্যই বিগত তিনিটা বছৰৰ দৰে এই বছৰো সুফল প্ৰদান কৰিব বুলি আশাবাদী "হাতীবন্ধু"ৰ পৰিয়াল ।
লগতে পঢ়ক : Wild Elephant Roaming: নগাঁৱৰ পুৰণিগুদামত বন্যহস্তীৰ মুক্ত বিচৰণ