ETV Bharat / state

যৌতুকেই কাৰণঃ হ'বলগীয়া বিয়াখন নহ'ল - দৰা

বঙাইগাঁৱৰ  দৰা পক্ষই নগাঁৱৰ কইনা পছন্দ হোৱাৰ পাচতে 6 লাখ টকা মূল্যৰ সোণৰ গহনা দাবী কৰিছিল ৷ কইনা পক্ষ মান্তি হোৱাত বিয়াখন ঠিক হৈছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত দৰা পক্ষই পুনৰ আৰু 5 লাখ টকা দাবী কৰে ৷

যৌতুক দিব নোৱাৰাৰ বাবে নগাঁৱত দৰায়ে বাতিল কৰিলে বিয়া
author img

By

Published : May 12, 2019, 9:53 AM IST

Updated : May 12, 2019, 11:17 AM IST

নগাঁও , 11 মে': নগাঁৱত বিয়াৰ দিনাই আৰক্ষী থানাৰ দ্বাৰস্থ হ'ল কইনা ৷ দৰাই যৌতুক দাবী কৰাৰ অভিযোগেৰে কইনাই দাখিল কৰিলে এজাহাৰ ৷

জানিব পৰামতে বঙাইগাঁৱৰ দৰা পক্ষই নগাঁৱৰ কইনা পছন্দ হোৱাৰ পাচতে 6 লাখ টকা মূল্যৰ সোণৰ গহনা দাবী কৰিছিল ৷ কইনা পক্ষ মান্তি হোৱাত বিয়াখন ঠিক হৈছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত দৰা পক্ষই পুনৰ আৰু 5 লাখ টকা দাবী কৰে ৷

পিচে কইনাৰ ঘৰৰ ফালৰ পৰা দৰা ঘৰে দাবী কৰা ধন দিবলৈ অপাৰগ হোৱাত দৰা পক্ষই বিয়াখন বাতিল কৰে ৷ সেয়ে উপায়ন্তৰ হৈ নগাঁও আৰক্ষী থানাত কইনা পৰিয়ালে দৰা পৰিয়ালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ৷ ইতিমধ্যে নগাঁও সদৰ থানাত দৰাৰ বিৰুদ্ধে 1201/19 নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷

Intro:এখন বিয়া। ধুম ধামেৰে আয়োজন কৰা হৈছিল বিয়াখন। সম্পন্ন হৈছে প্ৰস্তুতি। সম্পন্ন হৈছে ধৰ্মীয় ৰীতিৰ অধিকাংশ কামেই। হাতত জেতুকা লগাই কইনা সাজো কৰিলে পৰিধান। কিন্তু অৱশেষত যুৱতীৰ সোণৰ সংসাৰ গঢ়াৰ আশাত চেঁচা পানী। যাৰ লগত সংসাৰ গঢ়িব অৱশেষত তাৰ বিৰুদ্ধেই আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হল যুৱতী। কিন্তু কিয়, আচলতে হৈছে কি চাওক আমাৰ এই প্ৰতিবেদনত।

Body:(এনেকৈয়ে ভাগে নে সপোন.....)
সপোন এখন সোণৰ সংসাৰ গঢ়াৰ। বিয়া হব , আৰম্ভ হব যুগ্মজীৱন। ঠিক হল বিয়াৰ দিনবাৰ । নতুন জীৱনৰ স্বপ্ন দেখি ধুম ধামেৰে আয়োজন বিয়াখনৰ। হাতত জেতুকা লগাই সাজু কইনা। কেৱল জেতুকাই নহয়। মন কৰক এইকেইখন আলোকচিত্ৰলৈ। বিবাহ ভৱনত দৰা কইনাৰ সাজতে বহিল দুয়ো । বিয়াৰ পূৰ্বে তিলকৰ বাবে দৰাৰ ঘৰ বঙাইগাঁৱৰ বিবাহ ভৱনত এইদৰে দুয়ো একেলগে। আত্মীয় স্বজনক নিমন্ত্ৰণ দিয়াও শেষ।
ৱিশেষত বিয়াখন বাতিল।
bite. মাকে কোৱা বিয়া কেঞ্চেল বুলি।
vo. এতিয়া শুনক বিয়া বাতিল হোৱাৰ কাৰণ। দৰা পক্ষই কইনা পছন্দ হোৱাৰ পিছতেই দাবী কৰিছল ছয় লাখ টকা সোণৰ গহনা। কইনা পক্ষ মান্তি হোৱাত ঠিক হৈছিল বিয়াখন। কিন্তু পৰ্ব বহু আগুৱাই যোৱাৰ পিছত দৰা পক্ষই পুনৰ দাবী কৰিলে আৰু পাঁচ লাখ টকা। এতিয়া অপাৰগ কইনা পক্ষ। দিব নোৱাৰি বুলি কোৱাত দৰা পক্ষই বাতিল কৰিলে বিয়াখন। এই খবৰ পোৱাৰ পিছতেই হাহাকাৰ কইনা পৰিয়ালৰ। অনুৰোধ জনালে দৰা পক্ষক। অৱশেষত উপায়হীন হৈ দৰা পৰিয়ালৰ বিৰুদ্ধে নগাওঁ আৰক্ষী থানাত এজাহাৰ কইনা পৰিয়ালৰ। দৰাৰ বিৰুদ্ধে নগাওঁ সদৰ থানাত ১২০১/ ১৯ নম্বৰত ৰুজু হৈছে গোচৰ।
bite,

Conclusion:দাবী কৰা ধন দিব নোৱাৰাৰ বাবেই আৰম্ভ হোৱাৰ পূৰ্বেই থান বান হল সপোন।
------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
১১-৫-১৯
Last Updated : May 12, 2019, 11:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.