নগাঁও, 26 জুন : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিডৰ ভয়াৱহ ৰূপ ৷ এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত হোৱাৰ লক্ষ্যৰে ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে কঠোৰ নীতি ৷ কিন্তু অতি আশ্চৰ্যকৰভাৱে বদলি স্থগিত ৰাখিবলৈ নিজকে ক'ভিড পজিটিভ সজালে এগৰাকী কৃষি বিষয়াই ৷ এই ঘটনাই চকু কপালত তুলিছে সচেতন ৰাইজৰ ৷
উল্লেখ্য যে, এই ঘটনা সংঘটিত কৰি ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে নগাঁও মহকুমা কৃষি বিষয়া প্ৰবীণ বৰুৱা ৷ ক'ভিড-19 ত আক্ৰান্ত নোহোৱাৰ পাছতো কেৱল নিজৰ বদলিৰ নিৰ্দেশ স্থগিত ৰখাৰ স্বাৰ্থতে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈও কুণ্ঠাবোধ নকৰিলে এইগৰাকী কৃষি বিষয়াই ৷ আৰক্ষীয়ে জনোৱা অনুসৰি নগাঁৱৰ এগৰাকী চিকিৎসকৰ চহী জালিয়াতিৰে ঊৰ্ধতন কৰ্তৃপক্ষক ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া প্ৰবীণ বৰুৱাই ৷
প্ৰাপ্ত তথ্য অনুসৰি, চৰকাৰী এক নিৰ্দেশযোগে কৃষি বিষয়া প্ৰবীণ বৰুৱাক দিয়া হৈছিল বদলিৰ নিৰ্দেশ ৷ কিন্তু নগাঁও মহকুমা কৃষি বিষয়াৰ চকী এৰি নিদিয়াৰ স্বাৰ্থত নিজকে ক'ভিড পজিটিভ সজাবলৈ প্ৰমাণ পত্ৰ জালিয়াতি কৰে কৃষি বিষয়া গৰাকীয়ে ৷ কিন্তু ভুৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ বাবে চহী জালিয়াতি কৰা সন্দৰ্ভত অৱগত হোৱাৰ পিছতেই নগাঁৱৰ চিকিৎসক গৰাকীয়ে আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷
চিকিৎসক গৰাকীৰ এজাহাৰৰ ভিত্তিতে শনিবাৰে বিয়লি নগাঁও আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰে কৃষি বিষয়া গৰাকীক ৷ সম্প্ৰতি নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বিষয়াগৰাকীক ৷ কেৱল মাত্ৰ চৰকাৰী বদলিৰ নিৰ্দেশ স্থগিত ৰখাৰ স্বাৰ্থতে এনেধৰণৰ নিকৃষ্ট পন্থা অৱলম্বন কৰা বিষয়াগৰাকীৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ ৷
লগতে পঢ়কঃ শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ আশ্বাস দিলে অখিল গগৈয়ে