ETV Bharat / state

নগাঁৱত 11 বজালৈ কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী - শিক্ষা বিষয়া ইউনুচ আলি

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে এটা কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ৷ নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ কাৰ্যালয়ত দিনৰ 11 বজালৈ উপস্থিত নহয় কৰ্মচাৰী ৷

nagaon kathiatali
11 বজালৈ কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী
author img

By

Published : Feb 26, 2020, 11:52 PM IST

বঢ়মপুৰ, 26 জানুৱাৰী : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে এটা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে । দিনৰ 11 বজালৈ কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী । 11 বজালৈকে কাৰ্যালয়ৰ দুৱাৰত ওলমি থাকিল তলা । নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ মুখ্য বিষয়া গৰাকীৰ লগতে কৰ্মচাৰী সকলৰ মইমতালিয়ে চৰম সীমা অতিক্ৰম কৰিছে । কাৰ্যালয়টোত প্ৰায়ে দেৰিকৈ উপস্থিত হয় শিক্ষা বিষয়া জনৰ লগতে কৰ্মচাৰী । বুধবাৰে উপস্থিত আছিল মাথোন এজন গাননিক আৰু এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰী । এঘাৰ বজালৈকে কাৰ্যালয়ত উপস্থিত হোৱা নাছিল শিক্ষা বিষয়া ইউনুচ আলিৰ লগতে আন আন কৰ্মচাৰীসকল । উল্লেখ্য যে বিষয়াগৰাকী কাৰ্যালয়ত পলম কৈ উপস্থিত হোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া । গুৰুত্বপূৰ্ণ কাৰ্যালয়টোত পলমকৈ উপস্থিত হোৱাৰ কাৰণে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ ।

11 বজালৈ কাৰ্যালয়ত উপস্থিত নহয় কৰ্মচাৰী

আৰু পঢ়ক : অংগনবাড়ী কৰ্মীৰে চলিছে নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.