ETV Bharat / state

এইবাৰ ক'ভিড চুপাৰ স্প্ৰেডাৰৰ ৰূপত জানাজা ! - ক'ভিড চুপাৰ স্প্ৰেডাৰ

ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণক লৈ মুঠেও সজাগ নহয় একাংশ লোক । চৰকাৰৰ নিৰ্দেশ উলংঘা কৰি অনুষ্ঠিত কৰে বিবাহৰ অনুষ্ঠান, সম্পন্ন কৰে জানাজা । একাংশ অসচেতন লোকৰ বাবেই নগাঁৱৰ পুৰণিগুদামৰ চলচলিত এজন লোকৰ অন্তিম যাত্ৰা পৰিণত হ'ল ক'ভিডৰ চুপাৰ স্প্ৰেডাৰ(super spreader)ত । চলচলিৰ ৰামটিলা আটিত ২০ জন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

funeral turns covid super spreader at nagaon
নগাঁৱৰ ৰামটিলা আটিত ২০ জন লোক ক'ভিডত আক্ৰান্ত
author img

By

Published : Jul 2, 2021, 3:28 PM IST

চামগুৰি, ২ জুলাই: বিগত তিনিটা দিনত নগাঁৱৰ চলচলিৰ ৰামটিলা আটিত ২০ জনকৈ লোক ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈছে । কিন্তু এনেদৰে ২০ জনকৈ লোক আক্ৰান্ত হোৱাৰ কাৰণ হৈছে এই লোকসকল অসচেতন । ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা কোনো ধৰণৰ নিৰ্দেশ নামানে এই লোকসকলে । চৰকাৰে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়েই জানাজা সম্পন্ন কৰাৰ সময়ত ১০ জন লোককহে উপস্থিতি থাকিবলৈ অনুমতি প্ৰদান কৰিছে ।

কিন্তু এই নিৰ্দেশকো গুৰুত্ব দিয়া নাই ৰামটিলা আটিৰ একাংশ লোকে । অঞ্চলটোত এজন লোকৰ মৃত্যু হোৱাৰ পিছত জানাজা সম্পন্ন কৰাৰ বাবে শতাধিক লোকৰ সমাগম হয় । সকলো ক'ভিড বিধি উলংঘা কৰি ওলাই আহে এই লোকসকল, যিয়ে নিজৰ লগতে পৰিয়াললৈও বিপদ মাতি আনিছে । যোৱা তিনি দিনত অঞ্চলটোত মুঠ ২০ জন লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে ।

নগাঁৱৰ ৰামটিলা আটিত ২০ জন লোক ক'ভিডত আক্ৰান্ত

বুধবাৰে একেলগে ১৬ জন লোকৰ দেহক কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । ইয়াৰ ভিতৰত আছে চাৰিগৰাকী কিশোৰ-কিশোৰী আৰু এটি ডেৰ বছৰীয়া সন্তান । জানাজাৰ সময়ত শতাধিক লোকৰ সমাগম হোৱাৰ বাবে অঞ্চলটোত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে ।

এনেদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিলে শীঘ্ৰেই অঞ্চলটো কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনা আছে । মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই অঞ্চলটোৰ লোকসকলে এনেদৰে নিজৰ জীৱনৰ সৈতে হেতালি খেলিছে । বিগত সময়ত বিবাহৰ অনুষ্ঠান কেনেদৰে ক'ভিডৰ চুপাৰ স্প্ৰেডাৰত পৰিণত হৈছে সেয়া সকলোৱে জানে । বিবাহৰ অনুষ্ঠানত এজন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে এই অনুষ্ঠানত উপস্থিত থকা লোকসকলৰো ক'ভিড পৰীক্ষা কৰোৱা হৈছিল ।

একো একোখন গাঁৱক কন্টেইনমেণ্ট জ'ন হিচাপেও ঘোষণা কৰা হৈছিল । ইয়াৰ পিছতো সজাগ নহয় একাংশ লোক । এই লোকসকলৰ বাবেই বৰ্তমান সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত চৰকাৰ সফল হ'ব পৰা নাই ।

লগতে পঢ়ক:ডিব্ৰুগড়ত ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন ৰাজহ চক্ৰ বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.