ETV Bharat / state

Junmoni Rabha death case updates: জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ - Four police officers reserve closed

জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাচতেই আৰক্ষী বিভাগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে চাৰিগৰাকীকৈ আৰক্ষী বিষয়াক (Junmoni Rabha death case updates)।

Four police officers reserve closed
Four police officers reserve closed
author img

By

Published : May 20, 2023, 1:13 AM IST

নগাঁও, 20 মে': নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ মৃত্যু প্ৰসংগত সৃষ্টি হোৱা বিতৰ্কত সাঙোৰ খাই পৰা চাৰিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ শীৰ্ষ মহলে। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ এক নিৰ্দেশ অনুযায়ী শুকুৰবাৰে নগাঁৱৰ দুগৰাকী আৰু লখিমপুৰৰ দুগৰাকী আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে (Junmoni Rabha death case updates)।

Four police officers reserve closed
চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ এক নিৰ্দেশ অনুযায়ী নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, উত্তৰ লখিমপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈছা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে (Junmoni Rabha mysterious death) ।

জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই লক্ষীমপুৰ জিলাত চলি থকা নকল সোণ আৰু জাল নোটৰ এক বৃহৎ চক্ৰ পোহৰলৈ আহিছিল । নগাঁও আৰক্ষীৰ এছ আই জোনমণি ৰাভাই লখিমপুৰত গৈ যোৱা ৬ মে'ত নকল সোণৰ বিৰুদ্ধে চলাইছিল এক অভিযান । য'ত উত্থাপন হৈছিল ধনৰ লেনদেন হোৱাৰো বিস্ফোৰক অভিযোগ (Fake gold nexus in Assam) ।

Four police officers reserve closed
চাৰি আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ

কিন্তু তাৰ পাচতেই হঠাৎ এছ আই জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিচত পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য । ইতিমধ্যে বিষয়টোক লৈ অসম আৰক্ষীৰ অনুসন্ধান শাখাই তদন্ত অব্যাহত ৰাখিছে । তাৰ মাজতেই শুকুৰবাৰে লখিমপুৰ জিলাৰ দুগৰাকী আৰু নগাঁও জিলাৰ দুগৰাকীকৈ বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে (Junmaoni Rabha update news) ।

ইফালে, এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিচত বদলি কৰা হৈছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক । ৰুণা নেওগ আৰু হাছিনা বেগমৰ মাজত হোৱা কথা-বতৰাৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । সমগ্ৰ বিষয়টো তদন্ত কৰি 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আই জি পি প্ৰশান্ত কুমাৰ ভূঞাক (Junmoni Rabha death news) ।

লগতে পঢ়ক: Junmoni Rabha mother in Nagaon: চকুলো বোৱাই জোনমণি ৰাভাৰ চৰকাৰী কোৱাৰ্টাৰ এৰিলে মাতৃয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.