ETV Bharat / state

কঠীয়াতলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 4 গৰাকী লোক আক্ৰান্ত COVID-19ত - খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

কঠীয়াতলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসকসহ 4 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশমৰ্মে সাময়িকভাৱে বন্ধ ৰখা হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷

কঠীয়াতলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Aug 1, 2020, 8:44 PM IST

বঢ়মপুৰ,1 আগষ্ট: নগাঁও জিলাৰ অন্তৰ্গত কঠীয়াতলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত 4 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত লোক কেইগৰাকী ভিতৰত আছে এগৰাকী চিকিৎসক,নাৰ্চ,লেৱৰেটৰী সহায়কৰ লগতে,চিকিৎসক গৰাকীৰ গাড়ীচালক ৷ চিকিৎসক ডাঃ প্লাবিতা শৰ্মা, নাৰ্চ অনামিকা কুৰ্মী,লেবৰটেৰী সহায়ক ৰাজু বৰা আৰু চালক অজিত চন্দ্ৰ শৰ্মা আক্ৰান্ত হৈছে COVID-19 ত ৷

কঠীয়াতলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 4 গৰাকী লোক আক্ৰান্ত COVID-19ত

আটাকেইগৰাকী লোকৰ দেহত COVID-19 ৰ অৱস্থিত ধৰা পৰাৰ পাচতে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশ অনুযায়ী, সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে স্বাস্থ্য কেন্দ্ৰটো ৷ দেওবাৰৰ ভিতৰত সমগ্ৰ চিকিৎসালয় খন চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, COVID-19 ৰ অৱস্থিতি ধৰা পৰা চিকিৎসক গৰাকীয়ে শুকুৰবাৰলৈ চিকিৎসালয় খনত প্ৰদান কৰি আহিছিল চিকিৎসা সেৱা ৷

লগতে পঢ়ক: বিলাসীপাৰাত গৌৰাং নৈৰ বাঢ়নি পানীত প্লাৱিত অৰ্ধ শতাধিক গাঁও

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.