বঢ়মপুৰ,৪ অক্টোবৰ: নগাঁও ননৈ বিহৰী গাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ ভৱনৰ শিলান্যাস । চহৰৰ লগতে সমান্তৰাল ভাৱে গ্ৰামাঞ্চলতো স্বাস্থ্য সেৱা উন্নত কৰিবলৈ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত গাঁৱে গাঁৱে নিৰ্মাণ কৰা হৈছে উপ-স্বাস্থ্য কেন্দ্ৰৰ ভৱন । এই উপ-স্বাস্থ্য কেন্দ্ৰৰ যোগেদি বিভিন্ন জৰুৰীকালীন চিকিৎসাৰ লগতে মহিলাসকলৰ প্ৰসূতিৰ বাবে বিশেষ ব্যৱস্থাৰ কোঠা নিৰ্মাণ কৰা হ'ব ।
ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত ১৬ টাকৈ উপ-স্বাস্থ্য কেন্দ্ৰৰ ভৱনৰ অনুমোদন জনায় । এই উপ-স্বাস্থ্য কেন্দ্ৰৰ যোগেদি গাঁৱতে সাধাৰণ ৰাইজে তাৎক্ষণিক চিকিৎসা লাভ কৰিব । বিহৰী গাঁও স্বাস্থ্য কেন্দ্ৰৰ শিলান্যাস কৰিবলৈ আহি সমষ্টিবাসীক এই সু-বাৰ্তা দিয়ে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে । লগতে সময়মতে নিৰ্মাণ সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাৰ উপযোগী কৰি তুলিবলৈ নিজে প্ৰতিটো উপ-স্বাস্থ্য কেন্দ্ৰৰ নিৰীক্ষণ কৰিব বুলি উল্লেখ কৰে ।
আনহাতে এই সকলোবোৰক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে চমক বুলি বিৰোধীয়ে কৰা মন্তব্যক কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় যে বৰ্তমান ভাৰতবর্ষত বিৰোধী নাইকীয়া হৈ গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনৰ আৰ্থ-সামাজিক উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে । তেখেতৰ দূৰদৰ্শী চিন্তাৰ বাবে অসমৰ বহু উন্নয়ন হ'ব ।
লগতে এই শিলান্যাস অনুষ্ঠানত উপস্থিত থকা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অৰূপজ্যোতি মহন্তই এই স্বাস্থ্য কেন্দ্ৰৰ যোগেদি গৰ্ভৱতী মহিলা সকলে সম্পূৰ্ণ চিকিৎসা লাভ কৰিব বুলি উল্লেখ কৰাৰ উপৰিও চিকিৎসালয় সমূহত চিকিৎক আৰু চিকিৎসা কৰ্মীসকল থাকিব পৰাকৈ স্বাস্থ্য বিভাগে উন্নত মানৰ গৃহ নিৰ্মাণ কৰিব বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: Silchar News: আজৱ ! চিকিৎসকে মৃত ঘোষণা কৰা নৱজাতক জীৱিত হ’ল শ্মশানত