ETV Bharat / state

জুৰীয়াত বন কৰ্মীক আক্ৰমণ চোৰাং মাছমৰীয়াৰ - লাওখোৱা অভয়াৰণ্য

পৰৱৰ্তী সময়ত আহত বন কৰ্মী গনিক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । ইফালে আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী মাছমৰীয়া দুজনে ৷

forester-attack-in-rupohi
জুৰীয়াত বন কৰ্মীক আক্ৰমণ চোৰাং মাছমৰীয়াৰ
author img

By

Published : Aug 17, 2020, 3:14 PM IST

ৰূপহীহাট, 17 আগষ্ট : নগাঁও জিলাৰ জুৰীয়াত বন কৰ্মীক আক্ৰমণ চোৰাং মাছমৰীয়াৰ । জিলাখনৰ লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বন শিবিৰৰ বন কৰ্মী ওচমান গনিক কালিয়াদিঙিয়া বজাৰৰ পৰা খাদ্য সামগ্ৰী লৈ বন শিবিৰ অভিমুখে গৈ থকা অৱস্থাত দুজন চোৰাং মাছমৰীয়াই অতৰ্কিতে আক্ৰমণ চলায় ৷ আক্ৰমণৰ ফলত গুৰুতৰ ভাৱে আহত হয় বনকৰ্মী ওচমান গনি ৷

জুৰীয়াত বন কৰ্মীক আক্ৰমণ চোৰাং মাছমৰীয়াৰ

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ বন বিষয়া ৷ পৰৱৰ্তী সময়ত আহত বন কৰ্মী গনিক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । ইফালে আক্ৰমণৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী মাছমৰীয়া দুজনে ৷ এই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক অতি সোনকালে কৰায়ক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে আমছুয়ে ৷

লগতে পঢ়ক : ভাৰতত 50 হাজাৰ অতিক্ৰম কৰিলে কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.