ETV Bharat / state

নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ বাবে আবদ্ধ তিনি বিদেশী পৰ্যটক

নগাঁৱৰ বৰঘাট বাইপাছত দেওবাৰে নিশা চাইকেলেৰে ভ্ৰমণ কৰা তিনি বিদেশী পৰ্যটকক বাধা প্ৰদান কৰে নগাঁও জিলা প্ৰশাসনে । পৰৱৰ্তী সময়ত তেওঁলোকক জিলা উপায়ুক্তৰ নিৰ্দেশত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

author img

By

Published : Mar 15, 2020, 11:16 PM IST

Updated : Mar 15, 2020, 11:24 PM IST

নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ বাবে আবদ্ধ
নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ বাবে আবদ্ধ

নগাঁও, 15 মাৰ্চঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছক লৈ শেহতীয়াকৈ সতৰ্কামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এনে সময়তে নগাঁৱৰ বৰঘাট বাইপাছত দেওবাৰে নিশা চাইকেলেৰে ভ্ৰমণ কৰা তিনি বিদেশী পৰ্যটকক বাধা প্ৰদান কৰে নগাঁও জিলা প্ৰশাসনে । পেৰিছৰ পৰা কাজিৰঙা ভ্ৰমণৰ বাবে অহা তিনি পৰ্যটকক স্বাস্থ্য পৰীক্ষাৰ বাবে আবদ্ধ কৰে জিলা প্ৰশাসনে। কাজিৰঙাৰ পৰা চাইকেল চলাই গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বৰঘাট বাইপাছত আবদ্ধ কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে। জিলা উপায়ুক্তৰ নিৰ্দেশত স্বাস্থ্য বিভাগৰ এটা দল বৰঘাটত উপস্থিত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে। বিদেশী পৰ্যটক তিনিজন কোনো ৰোগত আক্ৰান্ত নহয় বুলি জানিব পৰা গৈছে ৷

নগাঁৱত স্বাস্থ্য পৰীক্ষাৰ বাবে আবদ্ধ তিনি বিদেশী পৰ্যটক

লগতে পঢ়কঃ COVID-19 : গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰী কৰিলে অধিসূচনা

Last Updated : Mar 15, 2020, 11:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.