ETV Bharat / state

ৰাইজৰ সমস্যা সমাধানৰ বাবে তৎপৰ বিজেপি চৰকাৰ: ৰূপক শৰ্মা - MLA Rupak Sarma

আৰ্তজনৰ কাষত নগাঁও সদৰ সমষ্টিৰ ৰূপক শৰ্মা ৷ দেওবাৰে বিধায়ক ৰূপক শৰ্মা (Rupak Sarma)ই গাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত, দক্ষিণপাট গাঁও পঞ্চায়ত, পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত কণ্টেইনমেণ্ট জ'নত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহৰ বুজ লয় ।

কণ্টেইনমেণ্ট জ'নৰ পৰিয়ালৰ মাজত বিতৰণ খাদ্য সামগ্ৰী

author img

By

Published : Jun 14, 2021, 8:05 AM IST

চামগুৰি, 14 জুন : নিয়ন্ত্ৰণৰ দিশে ৰাজ্যৰ ক’ভিড (Covid 19) পৰিস্থিতি ৷ কিন্তু সম্পূৰ্ণৰূপে প্ৰশমিত হোৱা নাই ক’ভিড (Covid 19) আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈকে নগাঁৱত কৰ’ণাত আক্ৰান্ত হৈছে ১৩ হাজাৰৰো অধিক ব্যক্তি ৷ ইয়াৰে ভিতৰত কৰ’ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ৭৪জন ব্যক্তিয়ে ৷

নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হৈছে বহু লোক ৷ ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো (Rupak Sarma) সমষ্টিটোৰ চিকিৎসালয় সমূহত থকা ক'ভিড (Covid 19) ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কণ্টেইনমেণ্ট জ'ন (Containment Zone) আৰু কণ্টেইনমেণ্ট জ'নত থকা পৰিয়াল সমূহৰ অসুবিধাৰ বুজ লোৱা পৰিলক্ষিত হৈছে ।

কণ্টেইনমেণ্ট জ'নৰ পৰিয়ালৰ মাজত বিতৰণ খাদ্য সামগ্ৰী
কণ্টেইনমেণ্ট জ'নৰ পৰিয়ালৰ মাজত বিতৰণ খাদ্য সামগ্ৰী

দেওবাৰে বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত, দক্ষিণপাট গাঁও পঞ্চায়ত, পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত কণ্টেইনমেণ্ট জ'ন(Containment Zone)ত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সমস্যা সমূহৰ বুজ লয় ।

লগতে বিধায়ক গৰাকীয়ে কণ্টেইনমেণ্ট জ'ন(Containment Zone)ত থকা পৰিয়াল সমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে ।

ইফালে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (Rupak Sarma)ই মন্তব্য কৰে যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে সাধাৰণ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে যৎপৰোনস্তি চেষ্টা অব্যাহত ৰাখিছে । ইয়াৰ জৰিয়তে ৰাইজ উপকৃত হ’ব ।

লগতে পঢ়ক: ৰাজ্যত দুয়ো পালি ভেকচিন লোৱা কৰ্মচাৰীয়ে আহিব পাৰিব কাৰ্যালয়লৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.