ETV Bharat / state

বৰঘূলীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে লুইতৰ বানে

author img

By

Published : Jul 14, 2020, 10:35 AM IST

Updated : Jul 14, 2020, 5:00 PM IST

কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধটো ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ পিছত উন্মুক্ত অংশৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই প্লাৱিত কৰে বৃহৎ অঞ্চল ৷ বিশেষকৈ ৰাজ্যত বিগত কিছুদিনৰ পৰা হোৱা অতিবৃষ্টিৰ ফলতে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈ সমূহৰ পানী বাঢ়ি সৃষ্টি কৰিছে বানৰ ৷

Flood situation of kaliabar assam etv bharat news
বান বিভীষিকা

কলিয়াবৰ,14 জুলাই: ক্ৰমাৎ অধিক অৱনতিৰ দিশে সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি ৷ প্ৰায় 27 খন জিলাত কালৰূপ ধাৰণ কৰিছে লুইতৰ বলিয়া বানে ৷ কলিয়াবৰৰ বৰঘূলী কৃষি বান্ধটো ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ পিছত উন্মুক্ত অংশৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই প্লাৱিত কৰে বৃহৎ অঞ্চল ৷ বিশেষকৈ ৰাজ্যত বিগত কিছুদিনৰ পৰা হোৱা অতিবৃষ্টিৰ ফলতে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈ সমূহৰ পানী বাঢ়ি সৃষ্টি কৰিছে বানৰ ৷

লুইতৰ বানৰ বিভীষিকা অব্যাহত

ইফালে বাৰঘূলীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সমীপৰ কুঠৰী, কাঞ্চনজুৰি, দেওচুৰ আদি অঞ্চল লুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । বিগত বছৰৰ তুলনাত গৰাখহনীয়াত বিপৰ্যস্ত বৰঘূলীত এইবেলি বাঢ়নী পানীয়ে অধিক সংহাৰমূৰ্তি ধাৰণ কৰিছে । সম্প্ৰতি জলমগ্ন হৈ পৰিছে কলিয়াবৰৰ বৰঘূলীৰ বিস্তীৰ্ণ অঞ্চল ৷ ইতিমধ্যে বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে কৃষিভূমি । মথাউৰিৰ অস্থায়ী চালিৰ তলত জীৱন নিৰ্বাহ কৰি থকা জন-সাধাৰণে জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিওৱা পৰিলক্ষিত হৈছে অঞ্চলত ৷ বৰ্তমানলৈকে ৰাজ্যত 86 টা ৰাজহ চক্ৰ এলেকা বানৰ কবলত পৰাৰ বিপৰীতে 2,763 খন গাঁও বানত প্লাৱিত হৈছে ৷ 1,03,806,15 হেক্টৰ ভূমি বানৰ কবলত পৰাৰ লগতে 21,63,010 জন ব্যক্তি বানত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷

লগতে চাওকঃ ৰাজ্যত বানত মৃত্যু 50 গৰাকীৰ

Last Updated : Jul 14, 2020, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.