ETV Bharat / state

কামপুৰত বানৰ কোবাল সূতে উটুৱাই নিলে কেইৱাটাও বাসগৃহ

author img

By

Published : Jul 11, 2020, 5:22 PM IST

কুম্ভকৰ্ণ নিদ্ৰাত সাংসদ,বিধায়ক আৰু জলসম্পদ বিভাগ ৷ বৰপানী নৈয়ে মাধৱপাৰ চাপৰমুখ সংযোগী মাথাউৰিতো বিগত বছৰত ভাঙি নিছিল ৷ এইবাৰ কেইবাখনো গাঁও জলমগ্ন কৰাৰ লগতে বৰো ধানৰ খেতি ধ্বংস কৰি যায় ৷

FLOOD situation at kampur destroy house and poperty
কামপুৰত বানৰ কোবাল সূতে উটুৱাই নিলে কেইৱাটাও বাসগৃহ

বঢ়মপুৰ, 11জুলাইঃ এটা ভগ্ন মথাউৰিৰ বাবে চাৰিবাৰকৈ বানৰ কৱলত পৰিব লগা হৈছে ৰহা সমষ্টিৰ কচুৱা মাধৱপাৰা বাসী ৷ কুম্ভকৰ্ণ নিদ্ৰাত সাংসদ,বিধায়ক আৰু জলসম্পদ বিভাগ ৷ বৰপানী নৈয়ে মাধৱপাৰ চাপৰমুখ সংযোগী মাথাউৰিতো বিগত বছৰত ভাঙি নিছিল ৷ কিন্তু এটা বছৰ উকলি যোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধি সকলে ৷

যাৰ ফলত কিছু পানী বাঢ়িলেই ভগ্ন মাথাউৰিৰে পানী সোমাই বহু কেইখন গাঁও জলমগ্ন কৰাৰ লগতে বৰো ধানৰ খেতি প্লাৱিত হয় ৷ এইবাৰ বছৰৰ চতুৰ্থটো বানত উক্ত মাথাউৰিতোৰ বৃহৎ অংশ ভাঙি পানী সোমাই চূৰমাৰ কৰি লৈ গ'ল কেইবাটাও বাসগৃহ ৷ চকুৰ আগতে আপোন ঘৰখন ভাঙি যোৱাত বয় বস্তু লৈ ওখ স্থানলৈ ৰাওনা হৈছে বানাক্ৰান্ত সকল ৷ ইফালে নগাঁও জিলাৰ উপাযুক্তৰ নিৰ্দেশত কামপুৰ ৰাজহ চক্ৰ বিষয়া ড৹ সংগীতা বৰঠাকুৰে জলসম্পদ আৰু গড়কাপ্তানী বিভাগৰ এটা দল লৈ উক্ত স্থানত উপস্থিত হয় যদিও দুয়োটা বিভাগৰ দ্বায়িত্ব নহয় বুলি গা-এৰা মন্তব্য কৰে ৷ এতিয়া প্ৰশ্ন হয়,যদি দুয়োটা বিভাগৰ অধিনত মাথাউৰিটো নপৰে তেন্তে কোন বিভাগে নিৰ্মাণ কৰিব এই মাথাউৰিটো ৷ যাৰ বাবে বিপাঙত পৰিছে দুৰ্ভগীয়া বানাক্ৰান্ত সকল ৷

লগতে পঢ়কঃ আৰক্ষীৰ জালত মহিলা প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.