ETV Bharat / state

আৱতৰীয়া বানৰ কৱলত কামপুৰৰ অৰ্ধশতাধিক গাঁও

author img

By

Published : Sep 26, 2020, 5:07 PM IST

আনকি বিগত তিনি চাৰিদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ জলস্তৰ বৃদ্ধি হৈ শুকুৰবাৰে ভাঙি নিয়ে মাধৱপাৰা জুৰিপাৰ সংযোগী গড়কাপ্তানী পথটো ৷ ফলত প্লাৱিত হৈ পৰিছে বিস্তীৰণ অঞ্চল ৷

Flood in Kampur of Nagaon
আৱতৰীয়া বানৰ কৱলত কামপুৰৰ অৰ্ধশতাধিক গাঁও

বঢ়মপুৰ, 26 ছেপ্তেম্বৰ:শেহতীয়াকৈ হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যত পুনৰ প্লাৱিত হৈছে বহু কেইখন জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰত অব্যাহত আছে আহিন মহীয়া বানৰ তাণ্ডৱ ৷ বিগত তিনি চাৰিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপী জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত শুকুৰবাৰে পানীয়ে ভাঙি নিয়ে মাধৱপাৰা-জুৰিপাৰ সংযোগী গড়কাপ্তানী পথচোৱা ৷ যাৰ ফলত প্লাৱিত হৈ পৰিছে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল ৷ ইপিনে শুকুৰবাৰে ওৰে নিশা দিয়া বৰষুণৰ ফলত বৰপানী নৈৰ জলস্তৰ অধিক বৃদ্ধি হোৱাত এতিয়া প্লাৱিত হৈ পৰিছে কামপুৰ ৰাজহ চক্ৰৰ ন ন অঞ্চল ৷ ইতিমধ্যেই প্লাৱিত হৈ পৰিছে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় অৰ্ধশতাধিক গাঁও ৷

ইপিনে কামপুৰ-বৈঠালাংচু গড়কাপ্টানি পথৰ ওপৰেও বাগৰিছে বাঢ়নী পানী ৷ বৰ্তমান পথটোৰ ওপৰত এককাল পানী হোৱাৰ বাবে কেইবাখনো গাঁৱৰ মাজত পথেৰে যাতায়ত বন্ধ হৈ পৰিছে সম্পূৰ্ণৰূপে ৷ উপায়বিহীন হৈ বৰ্তমান ৰাজপথত আশ্ৰয় লব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্নাত্যৰ মাজত ৷ জানিব পৰা অনুসৰি বৰ্তমানেও বৃদ্ধি হৈ আছে বৰপানী নৈৰ জলস্তৰ ৷ ইফালে মাধৱপাৰাত ভগ্ন মাথাউৰিৰে পানী সোমাৱাৰ ফলত জলমগ্ন হৈ পৰিছে বহু বাসগৃহৰ লগতে হাজাৰ হাজাৰ বিঘা শালি ধানৰ খেতি ৷ ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী হোৱাৰ ফলত ওখ ঠাইত শিবিৰ পাতি থাকিব লগা হৈছে বানাক্ৰান্ত সকলে ৷ আহিন মাহৰ এই আবতৰীয়া বানত ইতিমধ্যেই কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লংজাপ, মাধৱপাৰা, প্ৰমিলা আৰু জুৰিপাৰাকে ধৰি বিস্তিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে ৷ উক্ত স্থান সমুহত উপস্থিত হৈ বানক্ৰান্তৰ অৱস্থাৰ বুজ লৈছে জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ বাক্সাত 2 লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.