ETV Bharat / state

ৰূপহীহাটত বিধ্বংসী অগ্নিকাণ্ড - আজগৰ আলী

ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড ৷ ৰূপহীহাটৰ চাইদৰীয়াত সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় পাঁচটাকৈ বাসগৃহ । বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

ৰূপহীহাটত বিধ্বংসী অগ্নিকাণ্ড
ৰূপহীহাটত বিধ্বংসী অগ্নিকাণ্ড
author img

By

Published : Apr 10, 2021, 11:58 AM IST

ৰূপহীহাট,10 এপ্ৰিল: ৰূপহীহাটত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ নিশা ৰূপহীহাটৰ চাইদৰীয়াৰ আজগৰ আলীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । স্থানীয় ৰাইজে জুই প্ৰত্যক্ষ কৰাৰ পাছতেই আৰক্ষীক খবৰ দিয়ে ৷ কিন্তু তেতিয়ালৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয় পাঁচটাকৈ বাসগৃহৰ লগতে এখন গাড়ী আৰু চাইকেল ৷ জুইৰ লেলিহান শিখাই নিমিষতে আৱৰি ধৰে সমীপৰ আব্দুল গফুৰৰ বাসগৃহ ৷ আজগৰ আলীৰ বাসগৃহত থকা দুটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত অগ্নিকাণ্ড‌ই অধিক ভয়াৱহ ৰূপ লয় ।

ৰূপহীহাটত বিধ্বংসী অগ্নিকাণ্ড

উল্লেখযোগ্য যে, অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডটোত প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.