নগাঁও, 11 আগষ্ট: পুনৰ বিতৰ্কত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ। এটাৰ পিছত আনটো বিতৰ্কিত মন্তব্য কৰি ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিব খোজা বিধায়ক শিলাদিত্য দেৱে সকলো সীমা অতিক্ৰম কৰি এইবাৰ অসমীয়া সাহিত্য জগতৰ নমস্য ব্যক্তি চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধেও বিস্ফোৰণ ঘটাবলৈ নকৰিলে কুণ্ঠাবোধ । কেৱল সাম্প্ৰদায়িক মন্তব্যৰে কাৰোবাৰ প্ৰিয়পাত্ৰ হৈ থাকিব বিচৰা বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই । অসমীয়া সাহিত্যৰ কাণ্ডাৰী চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে মন্তব্য কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে বিদ্বৎ মহল । ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে দাখিল ইখনৰ পিছত সিখন এজাহাৰ । শেহতীয়াকৈ নগাঁও সদৰ আৰক্ষী থানাতো বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।
ইতিমধ্যে কেবাখনো এজাহাৰ দাখিল কৰাৰ পিছতো বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ নকৰাকলৈ ক্ষুণ্ণ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে অসমৰ সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । সততে বিতৰ্কিত মন্তব্য কৰি অহা বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি অসমবাসীক ক্ষমা নোখোজা পৰ্যন্ত বিধায়ক শিলাদিত্য দেৱক নগাঁৱত প্ৰৱেশ নিষিদ্ধ কৰিছে সংগঠনটোৱে ।