ETV Bharat / state

Abhi Neel Mob lynching case: অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষ্য গ্ৰহণ - Mob lynching news

নগাঁও আদালতত অভি-নীল হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়াৰ সাক্ষ্য গ্ৰহণ। বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ অভি-নীলৰ পৰিয়ালৰ। দোষীক চৰম শাস্তিৰ জৰিয়তে এনে ঘটনাৰ পুনৰাবৃত্তি বন্ধ কৰাৰ দাবী অভি-নীলৰ পৰিয়ালৰ।

Final testimony of Abhi-Neel murder
অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষ্য গ্ৰহণ
author img

By

Published : Jun 12, 2023, 6:53 PM IST

Updated : Jun 12, 2023, 10:59 PM IST

অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষ্য গ্ৰহণ

নগাঁও, 12 জুন : পাঁচটা বছৰ সম্পূৰ্ণ কৰিলে ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডই ৷ আজি পৰ্যন্ত ন্যায় লাভ কৰা নাই দুৰ্ভগীয়া পৰিয়াল দুটিয়ে ৷ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া বিভিন্ন কাৰণত লেহেমীয়া হোৱাৰ অভিযোগ নীল অভিৰ পৰিয়ালৰ। সোমবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত শুনানি গ্ৰহণ কৰাৰ হয় অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ। সোমবাৰে ঘটনাৰ অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে।

এই ভয়াবহ ঘটনাৰ মুঠ সাক্ষী আছিল ৭১ গৰাকী । ৭০ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিচত আজি অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰা হয় ৷ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষী বিষয়াই সাক্ষ্য দান কৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত।

উল্লেখ্য যে, চলিত মাহতে পুনৰ কমল ৰাজবংশীৰ সাক্ষ্য গ্ৰহণৰ বাবে দুটাকৈ তাৰিখ ধার্য্য কৰিছে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে। অন্তিমগৰাকী সাক্ষী সেই সময়ৰ তদন্তকাৰী আৰক্ষী বিষয়া কমল ৰাজবংশীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিচত আদালতে ঘটনাৰ অভিযুক্তৰ ভাষ্য গ্ৰহণৰ সম্ভাৱনা আছে।

সোমবাৰে তদন্তৰ সময়ত লাভ কৰা সকলো তথ্যৰ বিষয়ে সঠিকভাৱে আদালতত বৰ্ণনা কৰে তদন্তকাৰী বিষয়া কমল ৰাজবংশীয়ে। সোমবাৰে শুনানিৰ সময়ত আদালতত আটাইকেইটা অভিযুক্তক হাজিৰ কৰা হয় আদালতত।

উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুন তাৰিখে কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল নীলোৎপল দাস আৰু অভিজিৎ নাথৰ গণহত্যাৰ ঘটনা । সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ একাংশ পাষাণৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথে। যি হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ঘটনা সংঘটিত হোৱাৰ পিচতেই ঘটনাত জড়িত দোষীক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছিল অভি-নীলৰ পৰিয়ালৰ লগতে ৰাজ্যবাসীয়ে। কিন্তু নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত চলি থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথমাৱস্থাত ক্ষীপ্ৰতাৰে চলাইছিল যদিও পৰৱৰ্তী সময়ত ক'ভিড ১৯ কে ধৰি বিভিন্ন কাৰণত বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়ালে।

সোমবাৰে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত হোৱা শুনানিৰ সময়ত উপস্থিত থাকে নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু অভিজিৎ নাথৰ পিতৃ অজিত নাথ। শুনানিত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মন্তব্য কৰে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ পিতৃয়ে।

বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ থকাৰ কথাও উল্লেখ কৰে অভি-নীলৰ দুই পিতৃয়ে। অভি-নীলৰ হত্যাত জড়িত দোষীক চৰম শাস্তি প্ৰদানৰ জৰিয়তে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অভি-নীলৰ পিতৃদ্বয়ে।

লগতে পঢ়ক: Neel Abhi mob lynching : নগাঁও আদালতত চলি আছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি

Last Updated : Jun 12, 2023, 10:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.