ETV Bharat / state

অৱসৰপ্ৰাপ্ত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীক সম্বৰ্ধনা

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:41 PM IST

Nagaon College: বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পূৰ্বেই অৱসৰ গ্ৰহণ নগাঁও মহাবিদ্যালয় অট'নমাছৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীৰ । অৱসৰৰ পিছত প্ৰাক স্বাধীন কালৰ উচ্চ শিক্ষাক লৈ বুৰঞ্জী লিখাৰ পৰিকল্পনা । এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অধ্যক্ষগৰাকীক বিদায় সম্বৰ্ধনা মহাবিদ্যালয় কৰ্তৃপক্ষৰ।

Nagaon College
নগাঁও মহাবিদ্যালয় অট'নমাছ
নগাঁও মহাবিদ্যালয় অট'নমাছ

নগাঁও, ৩১ ডিচেম্বৰ: বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাৰ দিশে নগাঁও মহাবিদ্যালয় । সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ শৰৎ বৰকটকীৰ কাৰ্যকালতেই নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে । কিন্তু বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পূৰ্বেই বছৰৰ অন্তিমটো দিনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে । ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক বিদায় জনোৱাৰ উদ্দেশ্যে দেওবাৰে মহাবিদ্যালয়খনৰ সভাকক্ষত অনুষ্ঠিত হয় অধ্যক্ষৰ শেষ বিদায় নামৰ এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান ।

নগাঁও কলেজ (অট'নমাছ)ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড৹ভুৱন চন্দ্ৰ চুতীয়াই আঁতধৰা ‘অধ্যক্ষৰ শেষ ভাষণ প্ৰদান অনুষ্ঠানত’ অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে তেওঁৰ কাৰ্যকালৰ শেষৰটো ভাষণ প্ৰদান কৰে । বিদায়ী অধ্যক্ষগৰাকীয়ে সকলোৰে সহযোগিতাতহে এখন শিক্ষানুষ্ঠান আগবাঢ়িব পাৰে বুলি উল্লেখ কৰে । সৰু মন আৰু ডাঙৰ শিক্ষানুষ্ঠান একেলগে আগবাঢ়িব নোৱাৰে বুলি কয় বিদায়ী অধ্যক্ষগৰাকীয়ে । ড৹ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী আৰু কলেজ পৰিয়ালক উদ্দেশ্যি, নগাঁও বিশ্ববিদ্যালয়ৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কত বহু গুৰুত্বপূৰ্ণ বিষয় শেষৰটো ভাষণত প্ৰদান কৰে ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্য়েষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই ড৹ শৰৎ বৰকটকীলৈ আগবঢ়োৱা সন্মান প্ৰত্যক্ষ কৰি অভিভূত হৈ এই সন্মান সুদীৰ্ঘ শিক্ষকতা আৰু অধ্যক্ষতাৰ জৰিয়তে অৰ্জন কৰিছে বুলি মন্তব্য কৰে । শিক্ষকক সন্মান প্ৰদৰ্শনত নগাঁও কলেজে এক নজিৰ সৃষ্টি কৰিছে বুলি তেওঁ কয় । এই অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম কলেজ অধ্যক্ষ পৰিষদৰ সম্পাদক ড৹ ৰণ্জন কুমাৰ কলিতা, সভাপতি ড৹ সৌমাৰ জ্যোতি মহন্তই । অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক ড৹ জয়ন্ত বৰুৱাইও অনুষ্ঠানত উপস্থিত থাকি বক্তব্য আগবঢ়ায় ।

ড৹ বৰকটকীৰ নেতৃত্বত কেনেদৰে নগাঁও কলেজে অট'নমাছ, অট'নমাছৰ পৰা বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰে সেই সম্পৰ্কে তেওঁ ব্য়াখ্য়া কৰে । অৱসৰৰ পিছত ড৹ বৰকটকীয়ে প্ৰাক স্বাধীনতা কালৰ উচ্চ শিক্ষাক লৈ বুৰঞ্জী ৰচনা কৰাৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে ।

লগতে পঢ়ক:পুৰণিক বিদায় দিয়াৰ বাবে সাজু মহানগৰবাসী; বজাৰত ভিৰ গ্ৰাহকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.