ETV Bharat / state

আকৌ এঘৰীয়া: গাহৰি পোহাৰ বাবেই জুয়ে-পানীয়ে নিষেধ এটা পৰিয়ালক - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি

সামাজিক সংকীৰ্ণতাৰ বলি হৈ তীব্ৰ মানসিক অশান্তিত দিন পাৰ কৰিছে নগাঁৱৰ এটা পৰিয়ালে । আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাৰে গাহৰি পালন কৰাৰ বাবেই পৰিয়ালটিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে সমাজৰ পৰা (Family victimized by social exclusion in Nagaon) । একবিংশ শতিকাতো এনে অস্পৃশ্যতাৰ বলি হোৱা পৰিয়ালটিৰ শেষ ভৰষা এতিয়া কেৱল অসম চৰকাৰ ।

Family victimized by social exclusion in Nagaon
নগাঁৱৰত সমাজৰ অস্পৃশ্যতাৰ বলি এটা পৰিয়াল
author img

By

Published : Sep 11, 2022, 7:39 PM IST

Updated : Sep 11, 2022, 10:40 PM IST

নগাঁও, 11 ছেপ্টেম্বৰ : গাহৰি পালন কৰাৰ বাবেই সমাজে এঘৰীয়া কৰিলে এটা পৰিয়ালক । এঘৰীয়া মানে একেবাৰে জুইয়ে-পানীয়ে নিষেধ । ঘৰৰ পৰা পদূলিলৈও ওলাব নোৱাৰে পৰিয়ালটোৰ কোনো সদস্যই । এই আজৱ ঘটনাই সংঘটিত হৈছে নগাঁৱৰ দেওবালি কাকতিগাঁৱত (Family victimized by social exclusion in Nagaon) ।

এইখন গাঁৱৰে ধন কুমাৰ নাথ নামৰ এজন যুৱকে 4 লক্ষাধিক টকা বিনিয়োগ কৰি উন্নতমানৰ গাহৰি পালন কৰিছিল । কিন্তু কাকতিগাঁৱৰ ৰাইজে কোনো কাৰণতে এই কাৰ্যক সহ্য কৰিব নোৱাৰিলে । গাঁৱৰ ৰাইজৰ ভাবুকিৰ সন্মুখীন হৈ পিতৃ হীৰেণ নাথে পুত্ৰক একেখন ঘৰতে আছুতীয়াকৈ ৰাখিবলৈ বাধ্য হ’ল ।

একেখন ঘৰতে সম্পূৰ্ণ বেলেগকৈ থকাৰ পিছতো সন্তুষ্ট নহ’ল সমাজ ।

নগাঁৱত সমাজৰ অস্পৃশ্যতাৰ বলি এটা পৰিয়াল

পুনৰ ভাদৰ সংক্ৰান্তিত লোৱা হ’ল সমগ্ৰ পৰিয়ালটিক এঘৰীয়া কৰাৰ সিদ্ধান্ত । আনকি গাঁৱৰ কোনো লোকে তেওঁলোকৰ সৈতে কথাও পাতিব নোৱাৰে । কথা পাতিলেও শান্তি পানী খুৱাই শুদ্ধিকৰণ কৰা হয় সেইজন লোকৰ । সমাজৰ এনে নিৰ্যাতনৰ সন্মুখীন হৈ পৰিয়ালটি মানসিকভাৱে ভাগি পৰিছে ।

লগতে পঢ়ক : তিৱা যুৱতীক বিয়া কৰোৱাৰ বাবেই সমাজে এঘৰীয়া কৰিলে যোৰহাটৰ এটা পৰিয়ালক

এতিয়া ভাদমহীয়া নামঘৰত হৰিনাম শুনিলেই কান্দোনৰ ৰোল উঠে ঘৰখনত । কাৰণ ৰাইজৰ মতে, নাম গাই ভালপোৱা ধনৰ মাতৃ নামঘৰলৈ গ’লে অশুদ্ধ হৈ পৰিব নামঘৰটো । পদুলিলৈ ওলাই যাবও নোৱাৰে পৰিয়ালটিৰ সদস্য । কাৰণ গাঁৱৰ পথটিও যেন তেওঁলোকে খোজ দিয়াৰ লগে লগে অশুদ্ধ হৈ পৰিব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁৱত সংঘটিত এই ঘটনাই পুনৰ যেন অপমান কৰিলে গুৰুজনাৰ সমাজ সংস্কাৰক ।

কেৱল ইমানেই নহয় । সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰাৰ পিছতো পুলিচ লগাই ধনৰ ফাৰ্মখন ভাঙি পেলোৱাৰ ভাবুকি একাংশ ৰাইজৰ । ইয়াৰ পূৰ্বেও কুকুৰা পালন কৰা ধনমণিয়ে সমাজৰ নিষেধাজ্ঞাৰ বাবেই কুকুৰা বেচিবলৈ বাধ্য হৈছিল । এতিয়া বেংগালুৰুত শ্ৰম কৰি উপাৰ্জন কৰা ধনৰে খোলা গাহৰি ফাৰ্মখনো ৰাইজে ভাঙি পেলাম বুলি কোৱাৰ পিছত শোকত ভাগি পৰিছে পৰিয়ালটি ।

সমাজৰ একাংশ লোকৰ অজ্ঞতাৰ বাবেই চৰম মানসিক অশান্তিত দিন পাৰ কৰা এই পৰিয়ালটিৰ লগত সংঘটিত এই ঘটনাই সকলোকে আচৰিত কৰিছে । এতিয়া চৰকাৰ তথা প্ৰশাসনেই শেষ ভৰষা হৈ পৰিছে এই পৰিয়ালটিৰ বাবে ৷

লগতে পঢ়ক : ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ জকাই গৰখীয়া থানত অনুষ্ঠিত গৰখীয়া সবাহ

Last Updated : Sep 11, 2022, 10:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.