ETV Bharat / state

Jakhalabandha Dog story : গৰাকীৰ প্ৰতিটো নিৰ্দেশ পালন কৰা জখলাবন্ধাৰ টাইগাৰ

author img

By

Published : Feb 14, 2023, 2:09 PM IST

Updated : Feb 14, 2023, 6:39 PM IST

জখলাবন্ধাৰ এখন হোটেলত থাকে টাইগাৰ (Jakhalabandha Dog story)। হোটেলৰ মালিক তথা গৰাকীক প্ৰতিটো কামতে সহায় কৰি দিয়ে টাইগাৰে । সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

Jakhalabandha Dog story
গৰাকীৰ প্ৰতিটো নিৰ্দেশ পালন কৰা জখলাবন্ধাৰ টাইগাৰ

কলিয়াবৰ,১৪ ফেব্ৰুৱাৰী : কুকুৰ এবিধ পোহনীয়া জন্তু । বহু লোকৰে অতি প্ৰিয় এই কুকুৰ । আনকি কুকুৰক "প্ৰভুভক্ত" বুলিও কোৱা হয় । শাস্ত্ৰতো কুকুৰৰ বিষয়ে উল্লেখ আছে । হিন্দু শাস্ত্ৰৰ মতে যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ সময়ত সংগী হৈছিল এটা কুকুৰ । বৰ্তমান পৃথিৱীত কুকুৰক প্ৰভুভক্ত হিচাপে স্বীকৃতি দিয়া হৈছে । যদি এটা কুকুৰৰ পোৱালীক অতি যত্ন সহকাৰে প্ৰতিপালন কৰা হয় তেনেহ'লে, ই অতি সোনকালে গৰাকীৰ আনুগত্য স্বীকাৰ কৰে (Dog story of Jakhalabandha)।

মানুহৰ লগত কুকুৰৰ সংস্পৰ্শ নিৰ্ভৰ কৰে প্ৰধানত: খাদ্য আৰু যতনৰ ওপৰত । আনহাতে, ইহঁতে মানুহৰ নিচিনাকৈ জন্মগত সংস্কাৰ লৈ আহে, যাৰ ফলত গৰাকীৰ মৰমে ইহঁতক গৰাকীৰ অতি আদৰৰ কৰি তোলে । সময়ে সময়ে ইহঁতে অকলশৰীয়া লোক বা অকলে বাস কৰা লোকৰ অতি বিশ্বাসী সংগী বা অসহায় লোকৰ সাৰথি হৈ পৰে । যেতিয়া পোৱালীবোৰক মৰম কৰা হয় তাৰ বিনিময়ত ইহঁতেও মৰমেৰে প্ৰত্যুত্তৰ দিয়ে (Dog is a human companion)।

সঠিক প্ৰশিক্ষণৰ জৰিয়তে কুকুৰক অতি দক্ষ কৰি তুলিব পাৰি । সেনাবাহিনী, আৰক্ষীৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে বিভিন্ন সময়ত ভয়ানক বিপদৰ আগজাননী দি দেশ তথা জনগণৰ জীৱন ৰক্ষা কৰি আহিছে (Dog squad)। তেনে এটা কুকুৰৰ বিশেষ এই প্ৰতিবেদন কোৱা হৈছে যাৰ আচৰণে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে গৰাকীৰ নিৰ্দেশ অতি বিশ্বস্তভাৱে পালন কৰি আহিছে ।

কুকুৰটোৰ নাম টাইগাৰ । কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ এখন হোটেলত সততে তালৈ যোৱা গ্ৰাহকে লক্ষ‍্য কৰি আহিছে টাইগাৰক । গৰাকীৰ কাষতে বহি গ্ৰাহকৰ গতি-বিধি লক্ষ্য কৰি থকা টাইগাৰে গৰাকীয়ে দিয়া নিৰ্দেশ তৎক্ষণাত পালন কৰি সকলোকে আচৰিত কৰি তোলে । হোটেলত গ্ৰাহকৰ ভিৰ হ'লে কৰ্মচাৰীৰ যথেষ্ট ব‍্যস্ততা বাঢ়ে, তেনে সময়ত যদি গৰাকীৰ গ্ৰাহকক দিবলৈ খুচুৰা পইচাৰ অভাৱ হয় টাইগাৰে কাষৰ দোকানৰ পৰা খুচুৰা আনি প্ৰায়ে গৰাকীক সহায় কৰে (Tiger of Jakhalabandha helps owner)।

তদুপৰি, তামোল আদি সৰু-সুৰা সামগ্ৰীও মুখত লৈ আহে টাইগাৰে । গৰাকীয়ে মুখত গুজি দিয়া টকাকেইটা দোকানীক দি প্ৰয়োজনীয় সামগ্ৰী মুখত লৈ আহি গ্ৰাহকৰ কাষ পাইহি টাইগাৰ । হোটেলখনৰ স্বত্বাধিকাৰী তথা টাইগাৰৰ গৰাকী চাওৰামল ছৈনীয়ে জনোৱা মতে ৮ বছৰীয়া জাৰ্মান শ্বেফাৰ্ড প্ৰজাতিৰ টাইগাৰক সৰুতেই ৩ বছৰমানৰ প্ৰশিক্ষণ দিয়াৰ পাছত এনেধৰণৰ কামবোৰ অতি নিয়াৰিকৈ কৰিব পাৰে (Trained dog helped people)।

তদুপৰি হোটেলখনৰ সুৰক্ষাৰ ক্ষেত্ৰটো কুকৰটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । অৱশ‍্যে, কুকুৰটোৱে আজিলৈকে কোনো গ্ৰাহকৰে ক্ষতি কৰা নাই বুলিও জনাইছে গৰাকীয়ে । কেৱল গৰাকীৰ প্ৰতিটো নিৰ্দেশ পালন কৰাই নহয় জখলাবন্ধাৰ হোটেলখনলৈ যোৱা প্ৰতিগৰাকী গ্ৰাহকৰে হৃদয় জিনিব পাৰিছে টাইগাৰে ।

লগতে পঢ়ক :Flood effects Raha : বাৰিষা আহিল..দুশ্চিন্তাত ভুগিছে ৰহাবাসী

Last Updated : Feb 14, 2023, 6:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.