ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শালপাৰাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ - Case registered against forest destroyers

অভয়াৰণ্যৰ গছ কটাৰ অভিযুক্তৰ নাম বৰ্তমানলৈকে লাভ কৰা নাই বুলি উল্লেখ কৰি বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি মন্তব্য কৰে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই । অৱশ্যে বিজেপিৰ সভাৰ বাবে দলীয় কৰ্মীৰ পৃষ্ঠপোষকতাতে গছ কটাৰ সম্ভাৱনীয়তাও স্বীকাৰ কৰিলে বন সংমণ্ডল বিষয়াগৰাকীয়ে ৷

Etv bharat news impact: Case registered against forest destroyers
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শালপাৰাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ ৰুজু
author img

By

Published : Oct 16, 2020, 8:02 PM IST

নগাঁও, 16 অক্টোবৰ: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ মুখ্যমন্ত্ৰী উপস্থিত থাকিবলগীয়া বিজেপিৰ দলীয় সভাৰ প্ৰস্তুতি চলোৱাৰ নামত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ চামগুৰিৰ শালপাৰাত বনজ সম্পদ ধ্বংসৰ বাতৰি ইটিভি ভাৰত অসমত প্ৰচাৰ হোৱাৰ পাচতেই এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ উপায়ন্তৰ হৈ নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে বন বিভাগে ৷ অভয়াৰণ্যৰ গছ কটাৰ অভিযুক্তৰ নাম বৰ্তমানলৈকে লাভ কৰা নাই বুলি উল্লেখ কৰি বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি মন্তব্য কৰে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়াই । অৱশ্যে বিজেপিৰ সভাৰ বাবে দলীয় কৰ্মীৰ পৃষ্ঠপোষকতাতে গছ কটাৰ সম্ভাৱনীয়তাও স্বীকাৰ কৰিলে বন সংমণ্ডল বিষয়াগৰাকীয়ে ৷ এফালে প্ৰকৃতি সুৰক্ষাৰ বাবে পৰিবেশ দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গছ ৰূপণ তথা সংৰক্ষণৰ গুৰুত্বপূৰ্ণ আহ্বান ৷ আৰু আনফালে নিজ দলীয় কৰ্মীয়েই মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটি চলাইছে সভাৰ প্ৰস্তুতি ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শালপাৰাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ ৰুজু

এটা বন শিবিৰৰ নাতি দূৰৈত থকা বনগাঁও খেলপথাৰত এনেদৰে বহু মূল্যৱান গছ কটা কাৰ্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সচেতন লোকৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠন ৷ খোদ মুখ্যমন্ত্ৰীৰ সভাৰ আয়োজনৰ নামত বনাঞ্চলৰ গছ কটা ঘটনাক ধিক্কাৰ দিয়াৰ লগতে উচ্চ পৰ্য্যায়ৰ তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে মুক্ত সেউজ কণ্ঠ কাজিৰঙাৰ অন্যতম প্ৰতিনিধি বুবুল শৰ্মাই ৷ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত এতিয়া প্ৰকৃত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পাৰিব নে বন বিভাগে ? নে বহুতে সন্দেহ কৰাৰ দৰেই বিভাগটোৱে অন্যফালে ঢাল খোৱাব সমগ্ৰ ঘটনা ? এয়া এতিয়া এই মূহুৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীক আদৰিবলৈ গছ কাটিলে বিজেপি কৰ্মীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.