ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে নগাঁওবাসীলৈ

author img

By

Published : Jul 13, 2020, 7:18 PM IST

বানপানীৰ সমান্তৰালভাবে গৰাখহনীয়াই জুৰুলা কৰিছে ৰাইজক ৷ একেদৰে বানপানীৰ কবলত পৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল ৷ জিলাখনৰ লাওখোৱা,ভূৰবন্ধা অঞ্চলৰ ৰাইজ বৰ্তমান বানপানীৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় জিলাখনৰ ৩নং ভূৰবন্ধা আৰু ৪নং ভগামুখৰ মাজৰ কৃষিবান্ধ ৷ ফলত প্লাৱিত হয় লাওঁখোৱাৰ শান্তিবজাৰৰ পৰা ৪নং ভগামুখ পৰ্যন্ত বিস্তীৰ্ণ অঞ্চল ৷

Erosion Wreaks Havoc In Assam nagaon
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে নগাঁওবাসীলৈ

নগাঁও, 13 জুলাই : নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰবল বানৰ ৷ বানপানীৰ সমান্তৰালভাবে গৰাখহনীয়াই জুৰুলা কৰিছে ৰাইজক ৷ একেদৰে বানপানীৰ কবলত পৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চল ৷ জিলাখনৰ লাওখোৱা, ভূৰবন্ধা অঞ্চলৰ ৰাইজ বৰ্তমান বানপানীৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈছে ৷

বানপানীয়ে ৰাইজক জুৰুলা কৰাৰ সময়তে সোমবাৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় জিলাখনৰ ৩নং ভূৰবন্ধা আৰু ৪নং ভগামুখৰ মাজৰ কৃষিবান্ধ ৷ ফলত প্লাৱিত হয় লাওঁখোৱাৰ শান্তিবজাৰৰ পৰা ৪নং ভগামুখ পৰ্য্যন্ত বিস্তীৰ্ণ অঞ্চল ৷ আনহাতে,এই পানীয়ে প্লাবিত কৰি তোলে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বিভিন্ন অঞ্চল ৷

উল্লেখযোগ্য যে, কিছুদিনৰ পৰাই বান্ধটোলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছিল ৷ কিছুদিনৰ পূৰ্বে বালিৰ বস্তা আৰু মাটি পেলাই শেষ ৰক্ষাৰ চেষ্টা কৰিছিল সংশ্লিষ্ট বিভাগে ৷
লগতে পঢ়ক : চিৰাঙত নাঙলভাঙা নদীৰ গৰাখহনীয়াই ধাৰণ কৰিছে কালৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.