বঢ়মপুৰ,১৬ জুলাই: সমগ্ৰ ৰাজ্যতে বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ গৰাখহনীয়াইয়ো ৰাজ্যখনত ত্ৰাসৰ সৃষ্টি কৰিছে । তেনে সময়তে কচুৱাৰ জুৰিপাৰত বৰপানী নদীৰ পানীয়ে খহাই নিলে জুৰিপাৰৰ ৫০ মিটাৰ মথাউৰি।
কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰহা সমষ্টিৰ কচুৱা জুৰিপাৰৰ মথাউৰিটোৰ বৰপানী নদীৰ পানীয়ে ৫০ মিটাৰ খহাই নিয়াত আতংকিত হৈ পৰিছে ১০ খনকৈ গাঁৱৰ ৰাইজ। মথাউৰিটো সম্পূৰ্ণৰূপে বৰপানী নদীত জাহ যাবলৈ আৰু কেইফুট মানহে বাকী। ইপিনে মথাউৰিটো ৫০ মিটাৰ খহাই নিয়াত এতিয়া যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে। গাঁওবাসীৰ অভিযোগ অনুসৰি তেওঁলোকে প্ৰশাসন আৰু স্থানীয় বিধায়কক মথাউৰিটো নিৰ্মাণ কৰিবলৈ বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও কোনো সুফল পোৱা নাই।