নগাঁও, 21 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ-উল-আজহা ৷ প্ৰত্যেক বছৰে উলহ-মালহেৰে পবিত্ৰ ঈদ উদযাপন কৰা হয়, যদিও এইবাৰ অনুষ্টুপীয়াকৈ ঈদ পালন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ একেদৰে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো পালন কৰা হয় পবিত্ৰ ঈদ ৷
প্ৰত্যেক বছৰে জিলাখনৰ বিভিন্ন ঈদগাহসমূহত দেখিবলৈ পোৱা উৎসৱমুখৰ পৰিৱেশৰ বিপৰীতে এইবাৰ ঈদ-উজ-জোহাত ঈদগাহসমূহত দেখা গ'ল নিমাওমাও পৰিৱেশ । নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভনে ঈদগাহ আৰু মছজিদ কমিটিৰ নেতৃত্বৰ সৈতে এক বৈঠকত মিলিত হৈ সকলোকে ক'ভিড প্ৰট'কল মানি ঈদ পালন কৰিবলৈ আহ্বান জনায় ৷ লগতে ঘৰতে পৰিয়ালৰ লোকৰ সৈতে ঈদৰ নামাজ আদায় কৰাৰ বাবে আহ্বান জনাইছিল জিলা উপায়ুক্তগৰাকীয়ে ।
অৱশ্যে মছজিদত পাঁচজন লোক সমবেত হোৱাৰ অনুমতি দিছিল নগাঁও জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্ত কবিতা পদ্মনাভনৰ আহ্বান আখৰে আখৰে পালন কৰি নগাঁৱত সম্পূৰ্ণ ক'ভিড প্ৰট'কল ৰক্ষা কৰি জিলাখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰে পবিত্ৰ ঈদ । ঈদ উদযাপনৰ প্ৰাক মুহুৰ্তত নগাঁও জিলা প্ৰশাসনে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰ্যক শলাগ লৈছে সচেতন মহলে ।
উল্লেখ্য যে, ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে এক জটিল পৰিস্থিতিৰ । বিশেষভাৱে বিগত এপ্ৰিল মাহৰ পৰা অসমতো এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় । মুঠৰ ওপৰত এক হাহাকাৰ পৰিস্থিতি । সম্প্ৰতি ক'ভিড-১৯ ৰ এই জটিল পৰিস্থিতি কিছু উন্নত হৈছে, যদিও সম্পূৰ্ণ ক'ভিডমুক্ত হোৱা নাই অসম ।
লগতে পঢ়ক: মৰাণত উকা হৈ ৰ'ল সকলো ঈদগাহ ময়দান