নগাঁও, 16 জুন : বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আকস্মিক পৰিদর্শনৰ বাবে উপস্থিত হয় নগাঁৱৰ বাঙালী মাধ্যমৰ ৪খন স্কুলত(Education minister sudden visit Nagaon School) । বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে প্ৰাৰ্থনাতো ভাগ লয় শিক্ষামন্ত্ৰীগৰাকীয়ে (Assam Education Minister at Nagaon) । নগাঁও চহৰৰ বাঙালী মাধ্যমৰ বিদ্যালয়কেইখনত উপস্থিত হৈ বুজ লয় বিদ্যালয়কেইখনৰ শৈক্ষিক পৰিৱেশ ।
ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তুলনাত শিক্ষকৰ সংখ্যা অধিক হোৱা চাৰিখন স্কুলৰ একত্ৰীকৰণ কৰাৰ কথা সংবাদ মাধ্যমযোগে উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে । নগাঁও বেংগলী প্ৰাথমিক বিদ্যালয়, নগাঁও বেংগলী বালক উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁও বেংগলী গাৰ্লছ হাইস্কুল আৰু নগাঁও বেংগলী গাৰ্লছ হায়াৰ চেকেণ্ডেৰীক একত্ৰিত কৰি এখন বিদ্যালয় কৰা হ'ব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীয়ে ।
উল্লেখ্য যে ৰাইজৰ সৈতে আলোচনা কৰি বাঙালী অসমীয়া অথবা বাঙালী ইংৰাজী মাধ্যমলৈ পৰিৱৰ্তন কৰা হ'ব উক্ত বিদ্যালয়কেইখনক । ৭জন শিক্ষকৰ বিপৰীতে ৪ জন ছাত্ৰ আছিল প্ৰাথমিক বিদ্যালয়খনত ।
লগতে পঢ়ক : Floods in Tihu : টিহুত দুঠাইত ছিগিল মৰাপাগলাদিয়াৰ মথাউৰি