ETV Bharat / state

স্বাস্থ্য-বিভাগৰ পয়ালগা অৱস্থা: দুজন স্বাস্থ্যকৰ্মীয়ে চলাইছে স্বাস্থ্যকেন্দ্ৰ

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ (Samaguri Constituency) অন্তৰ্গত শিঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)ত বিৰাজ কৰিছে অচলাৱস্থা । ২০১০ চনতে তেতিয়াৰ মন্ত্ৰী তথা গৃহ সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে (MLA Rakibul Hussain) মুকলি কৰা স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)টোত বৰ্তমান নাই বিদ্যুতৰ ব্যৱস্থা, নাই পানী যোগানৰ সু-ব্যৱস্থা ।

author img

By

Published : Jul 10, 2021, 3:34 PM IST

Updated : Jul 10, 2021, 7:14 PM IST

স্বাস্থ্য-বিভাগৰ পয়ালগা অৱস্থা: মাত্ৰ দুজন স্বাস্থ্যকৰ্মীয়ে চলাইছে স্বাস্থ্যকেন্দ্ৰ

চামগুৰি, 10 জুলাই : ৰাজ্যৰ উদ্বেগজনক ক'ভিড পৰিস্থিতি (Covid Situation)ৰ সময়ত আশ্চৰ্যজনকভাৱে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ (Samaguri Constituency) অন্তৰ্গত শিঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)ত বিৰাজ কৰিছে অচলাৱস্থা । ২০১০ চনতে তেতিয়াৰ মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনে (Rakibul Hussain) মুকলি কৰা স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)টোত বৰ্তমান নাই বিদ্যুতৰ ব্যৱস্থা, নাই পানী যোগানৰ সু-ব্যৱস্থা । এফালে যদি বিদ্যুৎ যোগানৰ বাবে ব্যৱস্থা কৰা জেনেৰেটৰটো দীৰ্ঘদিন ধৰি বিকল হৈ পৰি আছে, আনফালে আকৌ চিকিৎসক তথা স্বাস্থ্যকৰ্মী (Health workers)সকলৰ বাবে নিৰ্মাণ কৰা আবাস গৃহকেইটা পৰি ৰৈছে কদৰ্যময় ৰূপত ।

চৌহদত বেৰা নথকাৰ বাবে নিতৌ অনায়াসে গৰু-ছাগলীয়ে প্ৰৱেশ কৰি পৰিত্যক্ত আবাস গৃহকেইটাও কৰি তুলিছে গোহালি সদৃশ । ইয়াৰ উপৰি অঞ্চলটোত আন্ধাৰ নামিলেই ওৰে নিশা চলে বন্যহস্তীৰ উপদ্ৰৱ । এনে এশ এবুৰি অজুহাতৰ বাবেই স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)টোত স্থায়ীভাৱে চিকিৎসক নাথাকে ৷ যাৰবাবে এতিয়া মাত্ৰ দুজন স্বাস্থ্যকৰ্মী (Health workers)য়ে চলাবলগীয়া হৈছে স্বাস্থ্যকেন্দ্ৰ (Primary Health Centre)টো ।

এনেবোৰ সমস্যাৰ কৰণতেই এইহেন অতিমাৰী (Covid 19)ৰ মাজতো স্বাস্থ্য কেন্দ্ৰ (Primary Health Centre)টোলৈ অহা ৰোগীসকলে চিকিৎসক তথা চিকিৎসাৰ অভাৱত উভতি যাবলগীয়া হয় । ওচৰতে এটা চৰকাৰী স্বাস্থ্যকেন্দ্ৰ (Government Primary Health Center) থকাৰ পিছতো চিকিৎসকৰ অভাৱত গাঁঠিৰ ধন ভাঙি ৰোগীসকলে কেইবা কিলোমিটাৰো নিলগৰ নগাঁও চহৰলৈ যাবলগীয়া হৈছে ।

উপায়ন্তৰ হৈ ক্ষুদ্ধ ৰাইজে শীঘ্ৰে স্বাস্থ্যকেন্দ্ৰ (Primary Health Center)টোত বিদ্যুতৰ সংযোগ আৰু পানী যোগানৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে আবাস গৃহকেইটাত থাকিব পৰাকৈ মেৰামতি কৰি এগৰাকী স্থায়ী চিকিৎসক নিয়োগ কৰিবৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta)ক আহ্বান জনাইছে ।

লগতে পঢ়ক : ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ অভিযোগ

Last Updated : Jul 10, 2021, 7:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.