ETV Bharat / state

লক্ ডাউনে ইতিবাচক প্ৰভাৱ পেলাইছে মৌ-পালনত - During the lockdown bee production is increasing faster than before in Nagaon

১৯৬৭ চনৰ পৰা পিতৃয়ে আৰম্ভণি কৰা মৌ পালনত নিজকে নিয়োগ কৰি আহিছে লোকজনে । পিতৃৰ পৰা লাভ কৰা অভিজ্ঞতাৰে মৌ পালনৰ কাম আৰম্ভ কৰি বৰ্তমান মৌ পালনেৰেই স্বাৱলম্বী হৈছে নৱজ্যোতি নাথ ।

During the lockdown bee production is increasing faster than before in Nagaon
মৌ পালকসকলৰ ওপৰত লক্​ ডাউনৰ ইতিবাচক প্ৰভাৱ
author img

By

Published : May 9, 2020, 11:10 AM IST

নগাঁও, 9 মে : লক্​ ডাউনৰ সময়ছোৱাত ক্ষতিৰ সন্মুখীন হোৱাৰ বিপৰীতে অধিক লাভৱান হৈছে বঢ়মপুৰৰ হাতীয়নিভেটাৰ কৃষক নৱজ্যোতি নাথ। পেচাত এজন মৌ পালক নৱজ্যোতি নাথ । ১৯৬৭ চনৰ পৰা পিতৃয়ে আৰম্ভণি কৰা মৌ পালনত নিজকে নিয়োগ কৰিছে লোকজনে । পিতৃৰ পৰা লাভ কৰা অভিজ্ঞতাৰে মৌ পালনৰ কাম আৰম্ভ কৰি বৰ্তমান মৌ পালনেৰেই স্বাৱলম্বী হৈছে নৱজ্যোতি নাথ ।

মৌ পালকসকলৰ ওপৰত লক্​ ডাউনৰ ইতিবাচক প্ৰভাৱ

মৌ পালন কৰি নিজ ঘৰতে মৌ উৎপাদন কৰে লোকজনে । উল্লেখ্য যে, লক্​ ডাউনৰ সময়ছোৱাত পূৰ্বতকৈ মৌ উৎপাদন বৃদ্ধি পাইছে বুলি অৱগত কৰিছে মৌ পালক নৱজ্যোতি নাথে । পূৰ্বৰ তুলনাত দুগুণ বৃদ্ধি পাইছে মৌ উৎপাদন। যি সময়ত ৰাজ্যৰ কৃষকসকল লক্​ ডাউনৰ ফলত জুৰুলা হৈ পৰিছে তেনে সময়তে উৎপাদন বৃদ্ধি কৰি আশাৰ বতৰা কঢ়িয়াই আনিছে এইজন কৃষক নৱজ্যোতি নাথে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.