কলিয়াবৰ, 9আগষ্টঃ ৰাজ্যত কৰ'ণা মহামাৰীৰ মাজতে ৰমৰমীয়া নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত । দেওবাৰে এক বিশেষ সূত্ৰৰ পম খেদি উলুৱনী আৰক্ষী নিৱেশৰ অন্তৰ্গত চুলুং আৰক্ষী টহলদাৰী চকীৰ অভিযানত এখন বাহনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰে নলতলিৰ আৰিমৰাৰ পৰা । কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলোৱা অভিযানত এ-এচ-০৭ এ-চি ৮৩৩৪ নম্বৰৰ বলেৰ' পিক-আপ বাহন পৰা ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে ।
ইপিনে ৰূপহীৰ পৰা ব্ৰাউন চুগাৰখিনি লক্ষিমপুৰৰ বান্দৰদোৱালৈ নি আছিল বুলি আৰক্ষীৰ আগত ধৃত লোক দুজনে স্বীকাৰোক্তি দিছে। বিশটা পেকেটত অনা ব্ৰাউন চুগাৰখিনিৰ ওজন প্ৰায় ২৪০ গ্ৰাম বুলি জনাইছে আৰক্ষী সূত্ৰই। লগতে ভালেমান হোমিওপেথী দৰবত ব্যৱহাৰ কৰা প্লাষ্টিকৰ সৰু-সৰু বটলো অভিযানকালত আৰক্ষীয়ে জব্দ কৰে । সামগ্ৰীখিনিৰ বজাৰ মূল্য অনুমানিক দহ লাখ টকা বুলি আৰক্ষীয়ে জনিবলৈ দিয়ে । ধৃত লোক দুজন লক্ষিমপুৰৰ লালুকৰ ক্ৰমে আতিকুল ইছলাম (৩২) আৰু মইদুল আলি (১৮) বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ কৰ্কট আক্ৰান্ত লোকেৰে ভৰা এখন গাঁও